তই নাকান্দিবি
আচলৰে চকুপানী নমছিবি
মই ফেইলহে কৰিছো
দুখ নকৰিবি মা ।
অংক আৰু বিজ্ঞানত
কেই নম্বৰ মানহে কমিল
পেপাৰ খনতো সুচলেই আহিছিল অ' মা
কিন্তু মই
কিয় জানো কৰিব নোৱাৰিলো
নম্বৰ কেইটামান পোৱা হ'লে হয়তো
পাছ কৰিলোহেঁতেন মা
দেউতাই কি কৈছে ?
মোক বাৰু বহুত খং কৰিছে নেকি ?
কোনোবাই তোমালোকক কিবা কৈছে নেকি ?
অ' মা
কৈনো কি পাব
তেওঁলোকেতো নাজানে মোৰ দুৰ্বলতাৰ কথা ,
মই কেনেকৈ পঢ়িছিলো ,
মোৰ কি কি সুবিধা আছিল ,
মোৰ টিউচন আছিলনে নাই ,
তেওঁলোকেতো নাজানে ।
তুমিতো মোক বুজা ন মা ।
দেউতাই বাৰু মোক সচাঁকৈ
বহুত খং কৰিছে নেকি ?
ঘৰলৈ গ'লে পিটিব নেকি ,
হালোৱা এছাৰিডাল তুমি লুকুৱাই থবা মা
নহ'লে মোক দেউতাই খুব পিটিব ,
পিঠিৰ ছাল ছিঙি দিব অ'
মোৰ বহুত ভয় লাগিছে ,
তুমি দেউতাক বুজাবাচোন ?
মই যে পঢ়া-শুনাত সচাঁকৈ গেধা ।
অ' মা.....
তোমালোকে মোৰ বাবে বহুত কষ্ট কৰিছিলা ,
কাম কৰি মোক পঢ়াইছিলা ,
মই তোমালোকক সুখী কৰিব নোৱাৰিলো ।
অ' মা তুমি নাকান্দিবা ,
চকু পানীখিনি মচি লোৱাচোন ,
দেউতাই যে মোক কয় ,
তই যদি ফেইল কৰ
পথাৰলৈ যাবি ,
হাল বাবি ,
খেতি কৰিবি ,
গৰু চৰাবি ,
দেউতাই ঠিকেই কয় ।
সচাঁই কৈছো মা ,
মোৰ যে পঢ়িবলৈ একেবাৰে মন নাই ।
দেউতাৰ কষ্ট দেখি ,
তোমাৰ কষ্ট দেখি ,
মোৰ হৃদয় খনে কান্দি উঠে অ' মা ।
মই খেতি কৰিম
দেউতাক সহায় কৰিম
তুমি দেউতাক বুজাই দিবাচোন মা ।
আমি যদি খেতি নকৰো
কোনে কৰিব ,
চাকৰীয়াল সকলে , মন্ত্ৰী-বিধায়ক সকলে
ক'ৰ পৰা খাব ,
সেইকাৰণে মই খেতি কৰিম ।
দেউতাৰ আদৰ্শ লম ,
খেতিয়ক ৰূপে পৰিচয় দিম ,
ভাল মানুহ হ'ম ,
এজন সু-নাগৰিক হ'ম ।
অ' মা
🖌 বিশ্বজিৎ সূত
বালিজান চতিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ