ক্ৰমান্বয়ে হেৰাই গৈছোঁ আমি

©Admin
0
ক্ৰমান্বয়ে যেন হেৰাই গৈছোঁ আমি
হেৰাই গৈ আছে আমাৰ ঠিকনা,
দুচকুত জিলিকা সোণোৱালী সপোনবোৰও
যেন ফালৰি কাটিছে জীৱনৰ পৰা,
স্তব্ধ হৈ পৰিছে জনজীৱন
উন্নতিৰ সাধনা৷

দুৰ্বিষহ বিভীষিকাময় পৰিস্থিতি কেউদিশে...
মৃত্যুদূত যেন পিয়াপি দি ফুৰিছে সকলোতে
কেনেবাকৈ সংস্পৰ্শলৈ আহিলে
 আৰু ৰক্ষা নাই,
গ্ৰাস কৰিব পৰিয়ালৰ সকলোকে৷

এটাৰ পিছত এটা লানি নিছিগা 
ভয়াবহ দুৰ্যোগ,
কিযে কৰুণ দৃশ্য!
জুইৰ লেলিহান শিখাই 
ছানি ধৰিছে বাঘজান,
ক’লা ধোঁৱাই  বিনষ্ট কৰিছে সেউজীয়া ৷
বানত ককবকাই আছে ৰাজ্যবাসী
উটুৱাই লৈ গৈছে ঘৰদুৱাৰ,
এমুঠি অন্ন আৰু এডোখৰ আশ্ৰয়ৰ বাবে কৰিছে হাহাঁকাৰ ৷

অঘোষিত যুদ্ধত ব্যতিব্যস্ত সকলো
বিদেশত থকা ঘৰৰ ল’ৰাই 
স্বদেশলৈ ঘূৰি আহিও সোমাব নোৱাৰে আপোন ঘৰখনত,
হ’ব লাগে কোৱাৰেন্টাইন৷
দিনৰাতি একাকাৰ কৰি যুঁজি আছে 
আমাৰ ডাক্তৰ-নাৰ্ছ 
পুলিচ আৰু অন্যান্য স্বাস্থ্যকৰ্মী৷

তথাপিও আমি আশাবাদী
এদিন সুদিন আহিব
নতুন দিনত নৱছন্দত 
পক্ষীয়ে গীত জুৰিব,
আঁতৰিব এন্ধাৰ
বিজয়ৰ নিচান উৰুৱাই 
গাম আমি সমন্বয়ৰ গান৷

    
📝 কানন গোস্বামী
     ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)