আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
 আজি ইংৰাজী ২০২০ চনৰ জুলাই মাহৰ ২১ তাৰিখ, মঙ্গলবাৰ। বছৰটোৰ ২০৩তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৬৩ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ শাওন মাহৰ ৫ তাৰিখ। *******************************************

✍আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। ১৮৩১ চনৰ আজিৰ দিনটোতে যুৱৰাজ লিঅ'পোল্ড প্ৰথম স্বাধীনোত্তৰ বেলজিয়ামৰ প্ৰথমজন ৰজা হিচাপে পৰিগণিত হয়। 

✍ ১৯৩০ চনৰ আজিৰ দিনটোতে অবিভক্ত ভাৰতৰ এজন প্ৰখ্যাত কবি তথা গীতিকাৰ অ‍ানন্দ বক্সিৰ জন্ম হয় বৰ্তমান পাকিস্তানৰ ৰাৱালপিণ্ডিত । তেখেতে ৪ বাৰকৈ ফিল্ম ফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

✍১৮৯৯ চনৰ আজিৰ দিনটোত আমেৰিকাৰ সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয়। তেওঁৰ বিশ্ব প্ৰসিদ্ধ উপন্যাস হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।

✍ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল ১৯০৬ চনৰ আজিৰ দিনটোতে।

✍ ১৯৬৯ চনৰ আজিৰ দিনটোতে এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল । 

✍২০০৭ চনৰ আজিৰ দিনটোতে প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেখেত ভাৰতৰ দ্বাদশ গৰাকী ৰাষ্ট্ৰপতি আছিল।

সংগ্ৰহ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)