আদিম মানুহৰ সভ্যতা বিকাশৰ কাহিনী - জুইৰ আৱিষ্কাৰৰ কাহিনী খণ্ড -০২

©Admin
0

" আদিম যুগৰ সভ্যতা " যোৱা সপ্তাহৰ খণ্ডটিত কণমইনাহঁত তোমালোকে গম পালা যে মাছ খাদ্য হিচাপে কেনেকৈ আৰম্ভ হ'ল লগতে শিকিবলৈ পালা যে সময়ত কণকণ শিশুৱেও ডাঙৰ সমস্যা সমাধান কৰিব পাৰে গতিকে  আজি মই তোমালোকক জুইৰ কেনেকৈ আৱিষ্কাৰ হ'ল সেই কাহিনী শুনাম ৷ 

কাহিনী আৰম্ভ হয় এখন গভীৰ অৰণ্যত য'ত প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে আৰু সেই গছৰ শুকান পাত পৰি আছে ৷ পাতবোৰ ইমানেই শুকান যে খোজ পৰাৰ লগে লগে ভৰিৰ গছকত মচমচাই ভাঙি যায় ৷

সেই আদিম শিশুটোৱে শিলগুটি লৈ এটা ডাঙৰ শিলক লক্ষ্য কৰি মাৰি আছে ৷ একেৰাহে একেইটা ঠাইত আঘাত পাই ডাঙৰ শিলটো গৰম হয় জুইৰ ফিৰিঙতি ওলাই ওচৰত থকা শুকান পাতবোৰত জুই লাগি দপদপাই জ্বলি উঠিল ৷ শিশুটোৱে আচৰিত হৈ জুই জ্বলি থকাটোলৈ চাই আছে ৷ সি ভাৱিলে 

" এইটো আকৌ কি বস্তু সূৰ্য্যৰ দৰে গৰম অনুভৱ হৈছে চুই চাওঁ কেনেকুৱা লাগিব "

এইবুলি কৈ শিশুটোৱে জ্বলি থকা জুইত হাত সোমাই দিয়া মাত্ৰে সি একেজাঁপে তাৰ মা দেউতাহঁতৰ কাষ পালেগৈ আৰু জুইৰ সৃষ্টিৰ সকলো কথা বিৱৰি ক'লে ৷

তাৰ কথা শুনি মুখীয়াজনে ক'লে 

" এয়া নিশ্চয় কোনোবা মায়াবিনীৰ মায়া চোৱাচোন শিশুটোৰ হাতটো কেনেকৈ ঘা লাগিছে যদি কোনোবা দেৱতা থকা হ'লে শিশুটোৰ হাতত আঘাত নিদিলেহেঁতেন  গতিকে আমি সাৱধানেৰে ঠাইটোত গৈ চাব লাগিব আৰু কথা গম্ভীৰ হ'লে এই জংঘল এৰি যাব লাগিব "

মুখীয়াৰ কথাটো সকলোৱে হয় হয় বুলি হয়ভৰ দিলে কিন্তু শিশুটোৱে মনেমনে খ্ঙতে ক'লে 

" এই মুখীয়া কোনো প্ৰমাণ সূত্ৰ নাচায় সিধাই সিদ্ধান্ত কৰি পেলাই আৰে আগতে গৈ চাইতো লোৱা ঘটনা কি ? নাই বিপদ নহাৰ আগতে পলায়নৰ যোজনা ধেৎ এই বুৰ্বক বুঢ়াটোক কোনে যে আমাৰ দলৰ মুখীয়া সজালে সিও চাগৈ কম মগজুৰ নহয় " এনেকৈ ভাৱি শিশুটোৱে মনেমনে হাঁহিলে ৷ মুখীয়াৰ সিদ্ধান্ত মৰ্মে দলটো জুই জ্বলা ঠাইডোখৰত গৈ পালে দেখা পাই সচাকৈয়ে সূৰ্য্যৰ দৰে উষ্ম দিব পৰা এয়া কি বস্তু মুখীয়াই ভালদৰে লক্ষ্য কৰি ক'লে 

" হয় মই ভৱা মতেই কথাটো এয়া মায়া নাইবা জংঘল দেৱতাৰ প্ৰকোপ  গতিকে আমি সকলোৱে মিলি জংঘল দেৱতাৰ শ্ৰীচৰণত আমাৰ অজানিতে হোৱা দোষৰ ক্ষমা প্ৰাৰ্থনা কৰোঁহঁক " 

মুখীয়াৰ কথাই কথা সকলোৱে আঁঠু কাঢ়ি হাত যোৰ কৰি প্ৰাৰ্থনা কৰাত লাগিল কিন্তু শিশুটোৱে মুখীয়াজনলৈ চাই লাহে লাহে ক'লে 

" এয়া আকৌ মুৰ্খামীৰ কথা কি যে হব আমাৰ দলটোৰ ভৱিষ্যত " এনেতে মুখীয়াই তাৰ চকু খোলা দেখি তাক ধমকি দি ক"লে

" এই বালক দৃষ্টি কিয় মেলি থৈছা প্ৰাৰ্থনা কৰ নহলে বন দেৱতা ৰুষ্ট হব " 

শিশুটোৱে চকু জপাই মনেমনে ভোৰভোৰাই ক'লে

" বন দেৱতা নিশ্চয় ৰুষ্ট হব আপোনাৰ দৰে মুৰ্খ মুখীয়াৰ কাৰুকাৰ্য চাই "

এনেতে গছৰ ওপৰত কাজিয়া লাগি থকা দুটা জন্তু হঠাৎ জ্বলি থকা জুইত পৰিল এটা বিকট চিঞৰ মাৰি জন্তু দুটা চটফটাই চটফটাই মৰি থাকিল ৷ এই বিকট চিঞৰ শুনি সকলোৱে চকু মেলি ইফালে সিফালে চাই কিন্তু একো দেখা নাপায় ৷ তাকে দেখি শিশুটোৱে ভালকৈ জন্তু পোৰা গোন্ধ নাকত লৈ গোন্ধ অহাৰ দিশটো মন কৰিলে হঠাৎ শিশুটোৱে খিলখিলাই হাঁহি ক'লে

" মুখীয়াদেউ সৌৱা সূৰ্য্যৰ দৰে জ্বলি থকা ঠাইতখনত চাওক দুটা জীৱ তাপত পৰি মৃত্য বৰণ কৰিলে তাৰপৰাই গোন্ধ 

আহিছে ৷ গতিকে জন্তু দুটা উলিয়াই আনিবলৈ নিৰ্দেশ দিয়ক আমাৰ ভোজনৰ ব্যৱস্থা হৈ যাব ৷ এইবাৰ মুখীয়াই শিশুটোৰ কথামতে কাম কৰিলে জুইত পোৰা জন্তু উলিয়াই অনাই সকলোৱে খাই চালে জুইত পোৰা মাংসৰ সোৱাদ পাই মুখীয়াই ক'লে 

" বাঃ আমাৰ কণটি অতি জ্ঞানী আৰু বুদ্ধিয়ক  গতিকে এওঁৰ নাম আজিৰ পৰা কণদেৱতা " সকলোৱে কণদেৱতা বুলি স্ফূৰ্তি কৰি নাচিবলৈ ধৰিলে তাকেই দেখি কণদেৱতাই ক'লে 

সকলোৱে মৌন হোৱা আকু শুনা যিহেতু সেই তাপৰ মাংসৰ সোৱাদযুক্ত গতিকে সোংকালে এটা জীৱন্ত জন্তুৰ ব্যৱস্থা কৰক তাৰপাছত শিল দুটা ঘঁহাই তাপ সৃষ্টি কৰি তাত জীৱটো দি চাম যদি সেই মাংসৰ সোৱাদ এতিয়া আমি খোৱাৰ দৰেই তেতিয়াহলে আদি সেই তাপতি মাংস দি খাম " 

কণদেৱতাৰ কথাটো হয়ভৰ দি মুখীয়াই জন্তুৰ যোগাৰ কৰিবলৈ আদেশ দিলে ৷ কিছু সময়ৰ পাছত মৃত জীৱ অনা হ'ল কণদেৱতাই শিল দুটা লৈ ঘহাঁবলৈ ধৰিলে শেষত জুই জ্বলি উঠিল আৰু মাংস

 পুৰিল ৷ সকলোৱে পুৰা মাংস খাই আগৰদৰেই সোৱাদ পাই বহুত আনন্দিত হ'ল ৷ কণদেৱতাৰ সিদ্ধান্ত মতে সিদিনাৰ পৰা দলটোৱে কেঁচা মাংসৰ ঠাইত পোৰা মাংস খাবলৈ আৰম্ভ কৰিলে ৷ আৰু এনেকৈ জুইৰ আৱিষ্কাৰ হ'ল ৷

কণমইনাইহঁত এই কাহিনীটোৰপৰা শিকিলা যে সৰুৱেও ডাঙৰক শিক্ষা দিব পাৰে আৰু জ্ঞানত বয়সৰ অনুপাত নাই ৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)