মানৱতা

©Admin
0

   

   মানৱতা
হায়! হায়! মানৱতা
সচাঁই কি নিষ্ঠুৰ মানৱ জাতি
বিবেকহীন, বিচাৰহীন, বুদ্ধিহীন
পশুতকৈও অধম এই জাতি
কিয় বাৰু দয়া, মমতা নাই ?
কিয় বাৰু মানুহৰ সুৰক্ষা নাই ?
মানুহৰ অষ্টিত্ব ক'ত ?
হায়! মানৱজাতি,
মানুহ কিয় মানুহৰ শত্ৰু
জীৱশ্ৰেষ্ঠ মানৱৰ এয়া কি বিচাৰ
হত্যা-লুন্ঠন, ধৰ্ষণ এইবোৰ কি ?
কোনে কৰে এইবোৰ ?
আমি কিয় নিজক সুধি নাচাও
কিয় নিজক প্ৰশ্ন নকৰো
কাক আমি অন্যায় কৰিছো
নিজৰ লগত নে আনৰ লগত
মানৱে কেতিয়া বুজিব ?
মৰম-চেনেহ, দয়া-মমতা
আত্মীয়তা,
ভাতৃত্ববোধ কেতিয়া জাগিব ?
কেতিয়া আহিব শান্তি,
মানুহে মানুহক কেতিয়া চিনিব ?
ব্যভিচাৰ সমাজৰ পৰা কেতিয়া দূৰ হব ?
অত্যাচাৰ-অবিচাৰ এইবোৰ কেতিয়া নাইকিয়া হব ।
আমি সচাঁই মানুহ নে ?
আপোন পৰ কাকো চিনি নাপাওঁ ।
হায়! মানৱ জাতি হায়!
আমি দানৱ নে মানৱ
আমি কিয় বুজা নাই
সকলোতো আমাৰেই ভাই ।
আমি কিয় হত্যা কৰিছো,
কিয় ধৰ্ষণ কৰিছো,
লুন্ঠন কৰিছো ।
কাৰ কি স্বাৰ্থ আছে ।
কিয় আমি মানৱ জাতিক বদনাম কৰিছো ?
কেতিয়া নিজক চিনিম
বুজি উঠিম
সকলোকে সুৰক্ষা দিম
সুস্থ পৰিৱেশ গঢ়িম
মানৱ জাতিক সন্মান কৰিম
মানৱতাৰ জয় গুণ গাম
শান্তি-শৃংখলা ঘূৰাই আনিম ।।××।।

[ স্বৰ্গীয় সনাতন ডেকাৰ পবিত্ৰ স্মৃতিত ৰচিত ]

                        

🖌 বিশ্বজিৎ সূত
     বালিজান,চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)