ৰাভা সকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা-০৪

©Admin
0
 যোৱা সংখ্যাৰ পিছৰ পৰা
সেইমৰ্মে ঘোঁৰাৰ বাপেকৰ নেতৃত্ব আৰু পৰিচালনাত যোৱা ৰাইজে নিমন্ত্ৰনকাৰীসকলৰ ঘৰলৈ গৈ নিমন্ত্রন ৰক্ষা কৰাৰ লগতে গাঁৱত বাদ্য- বাজানা , গীত-মাত আদিৰে আনন্দ উচব আৰু মাংগলিক ধ্বনিৰে জাৰীঘোঁৰাক লৈ গাঁও পৰিভ্রমণ কৰে | জাৰীঘোঁৰা প্রৰিভ্রমণ কালত দোগৰ, দীঘল পেটী , ঢোল, শিঙা , কালি বাঁহী প্রভৃতি বজাই ঘোঁৰাক আগত লৈ মানুহবোৰে গীত গাই নাচি নাচি যায় | হৰিধ্বনি কৰি গোঁসাইঘৰৰ পৰা ঘোঁৰা উলিয়াই পোন প্রথমে দেউৰীৰ ঘৰলৈ নিয়া হয় | এইটো এটা চিৰাচৰিত্র প্রথা | গোঁসাইঘৰৰ পৰা দেউৰীৰ ঘৰলৈ যাওঁতে দেওধনীও নাচি নাচি যাব লাগিব | অন্যৰ ঘৰলৈ নগ'লেও হয় বা নাযায় | দেউৰীৰ ঘৰত ৰাইজক মদ, পিঠা-পনা প্রভৃতিৰে আপ্যায়িত কৰা হয় | ভগৱতীৰ অৰ্থাত জাৰীঘোঁৰাৰ বাবে এটা কুকুৰা পোৱালী বা কণী দিব লাগে | অন্যান্য মানুহৰ ঘৰলৈ গলেও জাৰীঘোঁৰাক কুতুৰা কণী দিয়ে | কণী ঘোঁৰাৰ শিঙত খুন্দিয়াই থকথকাই দিব লাগে | সেইদৰেই পূজা দিয়া বুলি ধাৰণা কৰে | কিছুমানে শিঙত বিন্ধায়ো দিয়ে | অন্যথাই সামান্য ভাবে কণী ফুটাই ৰাইজৰ মানুহে কণীবোৰ গোটাই লৈ আহে | এইদৰে গোটেই গাঁও ফুৰাৰ পিছত ৰাতি পুৱায় | ৰাতি পুৱালত ঘোঁৰা গোঁসাইঘৰলৈ আনি সেৱা সন্মান জনাই চাঙত তুলি থয় | পিছত দেউৰীয়ে ঘোঁৰাৰ কাপোৰকানি খুলি ধুই পখালি পৰিষ্কাৰ কৰি যথাস্থানত থয় | দেও ছাগলীৰ শং , পিতলৰ চকু ,দুমুখীয়া মাদলি প্রভৃতিও খুলি ভালদৰে সংৰক্ষণ কৰে | ঘোঁৰা ফুৰুৱা লোক সকলে বিভিন্ন ঘৰৰ পৰা সংগ্রহ কৰা কণী , পিঠা-পনা আৰু অন্যন্য সামগ্রীবোৰ লগ লগাই খাই উঠি ঘৰাঘৰি গুচি যায় | ইমানতে জাৰীঘোঁৰা নচুৱা পৰ্ব সমাপ্ত হয়  |
      জাৰীঘোঁৰা নচুৱাওতে হানাঘোঁৰা নচুওৱাৰ নিচিনাকৈ বগেজাৰী গীত গোৱা হয় | দয়ো ধৰণৰ ঘোঁৰা নচুৱাওতে একেৰকমৰ গীত গোৱা হয় যদিও সুৰ বেলেগ বেলেগ হয় | হানাঘোঁৰা দিনত একেৰাহে সাত বা ন দিনলৈকে আৰু ব'হাগৰ প্রথম বিহুৰ পৰা সাত বিহুলৈ বা ততোধিক দিনলৈ নচুওৱা হয় | কিন্তু জাৰীঘোঁৰা ৰাতি ঘুৰোৱা হয় | সময়ৰ কোনো নিৰ্দিষ্টতা নাই | ব'হাগ বা জেঠৰ কোনো খৰ বতৰৰ মংগলবাৰত দিনত পূজা কৰি ৰাতি জাৰিঘোঁৰা নচুওৱা হয় | হানাঘোঁৰা নচুওৱাৰ অন্তত ঘোঁৰা হাবিত পেলাই দিয়া হয় | ৰাইজে ভোজোভাত খায় | কিন্তু জাৰীঘোঁৰাক গোঁসাইঘৰত সংৰক্ষণ কৰা হয় |    
আগলৈ•••

📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)