বাঘজানৰ জুই

©Admin
0
 
কিমান দিন জ্বলিব
কিমান বলি হ'ব?
ক'ত জীৱজন্তু,কীটপতঙ্গ
ক'ত সোনালী সপোন চাৰখাৰ হ'ল
মানুহৰ জীৱন গ'ল।
বাঘজান বাসী বিননি 
সহিব নোৱাৰি ।
শান্ত হোৱা বাঘজানৰ জুই 
নিৰ্ভেজাল বাঘজান বাসীক
জীৱন জিনীবলৈ দিয়া। 
নিজে সামৰি লোৱা ৰুদ্ৰ মূৰ্ত্তি 
বুকুৰ ক্ৰন্দন শুনা।
ঘুৰি আহক হেৰুৱা সম্পদ।
আবেলি বেলিৰ শেঁতা ৰং চাই
পাহৰি গল  হাঁহি 
সেউজীয়া সপোনবোৰ হালধীয়া হৈ
হৃদয়ত আছে জাপ খাই। 
পাহৰি গল গছে বৰণ সলাব।
কিমান দিন জ্বলিব 
বাঘজানৰ জুই?
মৌন হৃদয় স্তব্ধ সময়
কাল সৰ্প আহিছে খেদি
বিধ্বস্ত হৈছে জীৱন। 
অপেক্ষা মাথো
কেতিয়া নুমাব বাঘজানৰ জুই। 

📝হিৰণ্য চেতিয়া গগৈ 
টেঙা খাত ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)