জোনাকত জিলিকা নিয়ৰ (খণ্ড ০৯)

©Admin
0
(জোনাকে কৰা প্ৰশ্নত নিয়ৰে তালৈ চালে)

ভাস্কৰক হেৰুৱাৰ দুখ কোনেও পাহৰিব নোৱাৰে।কিন্তু এনেদৰে মন মাৰি কোঠাৰ ভিতৰত আৱদ্ধ হৈ তাৰ আত্মাক দুখ দিয়াৰ অধিকাৰ আছে জানো আমাৰ?এবাৰ খুৰীৰ কথা ভাব চোন,দিনে দিনে তেওঁ কি হৈ গৈছে?সন্তানক চিৰদিনৰ বাবে হেৰুৱা এগৰাকী মাতৃৰ অন্তৰত কেনে আঘাত লাগিব পাৰে এবাৰ ভাবি চাইছনে?নিয়ৰ তোৰ এই ৰূপটোৱে তেওঁক বাৰে বাৰে মনত পেলাই দিয়ে সকলো কথা।অন্তত তেওঁৰ বাবে সকলো পাহৰি যা।_____ৰৈ ৰৈ জোনাকে কথা বোৰ ক'লে,তাৰ বৰ কষ্ট হৈছে।নিয়ৰক এনেদৰে টান কথা ক'বলৈ তাৰ মন নাছিল,কিন্তু সি যে বাধ্য।জোনাকৰ কথা বোৰে নিয়ৰৰ মন মগজুত ক্ৰিয়া কৰিলে।নিয়ৰে ভাবিবলৈ বাধ্য হ'ল জোনাকে কোৱা কথা বোৰ,তাই কিয় ইমান নিষ্ঠূৰ হ'ল।নিজৰ ভাবত ইমানেই বিভোৰ হৈ আছিল যে কাৰোৰে কথা ভবাৰ অৱকাশ নাছিল।ভাস্কৰৰ লগত কৰা কাজিয়া,তাৰ উৎপাত আদি কথা বোৰ ভাবি মগ্ন হৈ আছিল তাই।এনেতে নিয়ৰৰ হাতত জোনাকে চিঠি এখন দিলে।ভাস্কৰে জোনাকলৈ লিখা শেষ  চিঠিখন পঢ়ি নিয়ৰে কান্দি উঠিল।
জোনাকে পুনৰ ক'লে__নিয়ৰ তই মোক সহায় নকৰিলে ভাস্কৰৰ এটা কথা ৰাখিবলৈ মই ব্যৰ্থ হ'ম।জোনাকে কি ক'ব বিচাৰিছে নিয়ৰে বুজি পালে।ইমান দিনে সকলোৱে তাইক বুজাইছে কিন্তু কোনেও জোনাকৰ দৰে তাইৰ ভুল বোৰ দেখাই দিয়া নাছিল।
নিয়ৰ বা তুমি হাঁহিলে মায়ে সকলো পাহৰি যাব।আগৰ দৰে তুমি মাৰ কোলাত মূৰ থৈ আকাশলৈ চাবা।
অনিন্দ্যই নিয়ৰক ক'লে।অনিন্দ্যহঁত কেতিয়া যে সিহঁতৰ ওচৰলৈ আহিল জোনাকে গমেই নাপালে।ইতিমধ্যে নিয়ৰে এটা সিদ্ধান্ত ল'লে,তাই কাৰোৰে অন্তৰত আঘাত নিদিয়ে।ভাস্কৰৰ বাবেই তাই হাঁহিব,সকলোকে হঁহুৱাব।হঠ্যাতে তাইৰ ওচৰত বহি থকা জোনাকৰ কাণ এখনত ধৰি ক'লে।

                 আগলৈ

দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)