পৰিৱৰ্তন

©Admin
0
এদিন পৰিৱৰ্তনৰ স্বপ্ন দেখিছিলো
জাতি-মাটি ভেটিৰ নিৰাপত্তা বিচাৰিছিলো।
কিন্তু আকৌ যেন সময় সমাগত
এক পছন্দ প্ৰত্যাহ্বানৰ বাবে।
কি যে এক বিভিষীকাময়
কি স্পৰ্শকাতৰ সময়।
সময় গতিশীল,নে গতিশীল জনজীৱন?
কুঁহে কুঁহে বিশ্বাসবোৰ যেন
হেৰাব ধৰিছে সময়ৰ লগে লগে।
এইয়াও বাৰু এক পৰিৱৰ্তন নেকি?

সলনি হ'ব নেকি দেশৰ প্ৰগতি
এদিন দুদিন কৈ মাহ বছৰ বাগৰি গ'ল
নীৰমুখী পক্ষীৰ দৰে ল'ৰাহঁত
এবুকু আশা লৈ ঘৰমুৱা হ'ল।

আই বোপাই ভাই ভণীৰ লগত
সময়ৰ ভাগ বতৰা হ'ল।
পিছে কিমান দিন ঘৰত বহি 
শেতেলিত বাগৰ সলাবি,
কিয় যে আহিল এই কোভিড মহামাৰী?
পলকতে সমগ্ৰ বিশ্ব কৰিলে
চুৰ-মাৰ।


শিক্ষা ক্ষেত্ৰত পৰিলে যতি
গুৰু শিষ্য সকলোৱে ভুগিছে যাতনা
হীনমন্যতাত কটাইছে উজাগৰি ৰাতি।
আজিৰ শিশু যদি কাইলৈ দেশৰ ভৱিষ্যৎ হয়
এই দৰে থাকিলে নহ'ব জানো শিক্ষা অৰ্থনীতিৰ আৰু সমাজৰ অৱক্ষয়।
এইয়াও বাৰু এক পৰিৱৰ্তন নেকি?

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)