জীৱনৰ সাধু-০৩

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••

    এখন তুলুঙা নাও৷ পুৱাৰ পৰা গধূলিলৈকে নৈৰ বুকুত উজাই-ভটিয়াই দৌৰি দৌৰি অংকুৰৰ পানী চোতালত গধূলি জিৰণি লয়৷ তেজস্বিনীয়ে এখন মামৰেধৰা হৃদয়েৰে নাৱৰ পানী সিঁচে ৷ পাৰত বান্ধি থোৱা খুঁটিত বান্ধে... আৰু খাল মচে ৷
   আহঃ এনেদৰে মচি যদি বুকুৰ পানী নাইকীয়া কৰিব পাৰিলেহেঁতেন!  অন্ততঃ এগধূলি শুকান হৈ থাকিলেহেঁতেন চকুৰ পতা৷
    
     বুকুত যেতিয়া মানুহৰ এখন বোৱঁতি
     নৈ থাকে তেতিয়া পতাই পৰা বান্ধিব নোৱাৰে৷

   (  নৈখন নৈ হৈ বৈ থাকিবলৈ দিয়া, তাত মোক সাঁতুৰিবলৈ দিয়া, কেনেকৈ তোমাৰ পতালৈ বৈ যোৱা পানীৰ বাট বন্ধ কৰিম চাই থাকিবা ৷ - তেজস্বিনী  ) 

     বিয়া হোৱাৰ পিছৰ কেইমাহমানৰ পৰা তেজস্বিনীক মই প্ৰায়েই কৈছিলো  - 'পাৰ ওপচা বাৰিষাৰ পানীয়ে বুকুত প্ৰচণ্ড ঢৌৰ সৃষ্টি কৰে আৰু হৃদয়ৰ পাৰ খহিবলৈ হ'লে সকলো তচ-নচ কৰে ৷ বাৰিষাৰ ৰাতিৰ পৰা নে ফেঁচাই কুৰুলিওৱা ৰাতিটোৰ পৰা সঠিককৈ মই নাজানোঁ কিন্তু দিনটোক আৰু ৰাতিটোক ভাগ কৰিবলৈ শিকিছ তই অংকুৰৰ বাবে ৷ এই ভাগবোৰে সম্পৰ্কবোৰকো ভাগ কৰে ৷  গধূলি চকুৰ পতাবোৰ ভিজি থাকে তোৰ , মনৰ কথাবোৰ মনতেই পাৰ নাবান্ধিবি নহ'লে সময়ত বৰ বিপদত পৰিবি তেজস্বিনী ৷ '

    সেই বিপদৰ সীমা চেৰাই গৈছিল সিদিনা৷ তিনবাৰ ফোন ৰিং কৰি কৰি কাট খাই গৈছিল, কোনো উত্তৰ নাছিল ৷ দুইবাৰ ফোনটো কাটি কাটি দিছিল ৷ নিশা ১ বাজি গৈছিল ৷ তাৰ মানে কি .... ৰাতি ১ বজাত ফোন কৰিলে কি কোনেও ফোন ৰিচিভ নকৰিব নেকি?  ডিউটি ইছ ডিউটি ৷ দস্তৰমত চৰকাৰে মাহিলী পইচা দি ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাখিছে ৷ ভাবি থাকোঁতেই পুনে থানাৰ কোনোবা এজন পুলিচে মোৰ ফোনটো ৰিচিভ কৰিলে ৷

   - হয় মই হাবিলদাৰ ৰানা প্ৰতাপে কৈছোঁ ৷
    - হেল্ল', হেল্ল' মই ৰাগিনী ৷
   - হেল্ল' আপুনি ৰাগিনী হওঁক লাগিলে ডালিমী হওঁক ,মই কি কৰিব লাগে?  এতিয়া আপুনি সময় চাইছেনে কিমান ৰাতি হ'ল?  নিজেইটো নুশুৱে আনক শুৱলৈ নিদিয়ে কিয় ? এই ৰাতিখন ফোন কৰি নাথাকিব , শুই আছোঁ ৷ আৰু কিবা জৰুৰী কাম থাকিলে কাইলৈ মৰ্ণিং থানালৈ আহি যাব ৷ আৰু যদি তাতকৈও আপোনাৰ জৰুৰীকাম আছে তেন্তে মই কিন্তু আগতীয়াকৈ কৈ দিছো দেই মোৰ দুটা ল'ৰা আছে, যদি মোক আপোনাৰ ভাল লাগি ৰাতিখন ফোন কৰিছে তেন্তে আই চেলুট ইউ ...

- আপুনি জানেনে নাজানেঁ মই কোন আৰু কি কৰিব পাৰোঁ মই ৷ মোক আপুনি যিখন মুখেৰে অশালীনতাৰ প্ৰস্তাৱ দিছে সেই মুখবোৰ কেনেকৈ বন্ধ কৰিব লাগে মই জানো ভালকৈ ৷ এতিয়া মই মিছাকৈ আপোনাৰ লগত তৰ্ক কৰিব বিচৰা নাই আৰু নকৰোঁ, কিন্তু প্লিজ ছাৰ আপুনি এবাৰ মোৰ কথাটো শুনক ৷ ইটচ ইমাৰজেঞ্চি ৷

  - ভালকৈ ক'লে বুজি নাপায় নেকি আপুনি, ফোন ৰাখক কৈছো নহয় ফোন ৰাখক ৷

   - আপোনালোকে ডিউটি কি নামত কৰে নেকি?  নে ঘৰত আপোনালোকৰ দৰে পাষাণ দৈত্যবোৰক আপোনালোকৰ পৰিয়ালে যাৱতীয় সুদ-মূল আদায় নকৰে বাবে থানাত শুবলৈ আহে ৷ আমি বিশ্বাস কৰোঁ আপোনালোকক ৷ আৰক্ষী বুলি, খাকি পোচাকধাৰী বুলি সন্মান কৰোঁ ৷ আৰক্ষীৰ নামত কলংক আপোনালোক ৷ এই ৰাতি আপোনালৈ ফোন কৰিছোঁ মই বিপদত পৰি ৷ চাওঁক চাৰ জৰুৰীভাৱে আপুনি আপোনাৰ টীম লৈ অংকুৰ নিবিৰ চৌধুৰীৰ ঘৰলৈ আহক ৷

  - কোন হয় আপুনি?  পুলিচক কথা ক'বলৈ আহে, শিকাবলৈ আহে ৷ কৈছোৱেই নহয় কাইলৈ মৰ্ণিং থানালৈ আহক বুলি আৰু কোন অংকুৰ নিবিৰ?  মই কোনো অংকুৰ নিবিৰক চিনি নাপাওঁ ৷

   - সেইজন অংকুৰ নিবিৰ, যি বিলাসী সুৰাৰ বেহাত লাগি হাতত হেণ্ডকাপ পিন্ধাইছিল আপুনি আৰু, আপুনি আৰু আপোনালোকৰ থানাৰ গোটেই ষ্টাফে বিলাসী সুৰাৰ লোভত পৰি অংকুৰ নিবিৰক মুকলি কৰি দিছিল ৷ সেইজন অংকুৰ নিবিৰ যি আপোনালোকক সদায় বিলাসী সুৰাৰ যোগান ধৰে   সেইজন অংকুৰ নিবিৰ যি ...

    - ...

    - হেল্ল' !

    - ...

    - ছাৰ আপোনাৰ দৰে মইও এগৰাকী দেশৰ কৰ্মী ৷ পাৰ্থক্য মাথোঁ এটাই আপোনালোকে খাকি কাপোৰযোৰ পিন্ধি কান্ধত বন্দুক লৈ নিজৰ ডিফটি কৰিছে আৰু আমি বগা কোটটো পিন্ধি ডিঙিত ষ্টেটিছস্ক'প লগাই নিজৰ ডিউটি কৰিছোঁ ৷ বাৰুদৰ মাজত আপোনালোকৰ জীৱন ঔষধৰ মাজত আমাৰ জীৱন ৷ বুজিবলৈ যত্ন কৰক ছাৰ ৷ আপুনি নোৱাৰে যদি S.I ছাৰক ফোনটো দিয়ক ৷ মই কথা পাতিম ছাৰৰ লগত ৷

  - ছাৰ ১২ বজাত ডিউটি শেষ কৰি এতিয়া শুবলৈ গৈছে ৷ এতিয়া ছাৰক মই জগাব নোৱাৰোঁ ৷

  -  আমি দুভাগ ৰাতিও অহা সকলো ৰোগীক চিৰিয়াচ বুলি ভাবো,  তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে আমি দৌৰি যাওণ নিজৰ কৰ্তব্য পালনৰ বাবে ৷ সেইসময়ত আমি গৌৰৱ অনুভৱ কৰো দেশৰ এজন কৃত্ৰিম ভগৱান বুলি,কৰ্মী বুলি ৷ অথচ আপোনালোকতো দেশৰ নিৰাপত্তাৰ ভগৱান ৷ আপুনি ছাৰক এবাৰ মাথোঁ জগাই চাওঁক, মোৰ বিশ্বাস চাৰে মোক সহায় কৰিব৷

   - ভালে ভালে আপুনি ফোন ৰাখক, নহ'লে .... ! 

    - নহ'লে ? নহ'লে কি কৰিব আপুনি?

    - ....

    - থেংক ইউ ছাৰ ৷ নালাগে মোক সহায় কৰিব ৷ এতিয়া যি কৰিম মই নিজে কৰিম ৷

     ভাবিছিলো সেই সময়ত সহায় কৰিব পৰা একমাত্ৰ ব্যক্তিজনেই আছিল পুলিচ ৷ কিন্তু পুলিচৰ পৰাও কোনো সহায় মই নাপালোঁ সেইসময়ত ৷ খুৰাই এইবোৰা আইনী কায়দা ইমানকৈ বুজি নাপায় গতিকে যি কৰিব হৈছিল সকলোবোৰ মইয়ে কৰিব লগা হৈছিল ৷ ইফালে অংকুৰ আৰু সিঁহতৰ গাওঁৰ মানুহবোৰে অন্তিম কৰ্মৰ বাবে সকলোবোৰ প্ৰস্তুতি তুংগত কৰি তুলিছিল ৷ গাওঁৰ মানুহখিনিক মই বুজাবলৈ চেষ্টা কৰিছিলোঁ যে তেজস্বিনীৰ সেয়া স্বাভাৱিক মৃত্যু নাছিল ৷ সময়বোৰ গৈ আছিল ৷ চাওঁতে চাওঁতে তেজস্বিনীক সিহঁতে বাঁহৰ চাঙিত শুৱাই ডাঙি লৈ গৈছিল ৷ নিৰুপায় মই , হে ভগৱান ৰক্ষা কৰা ৷

   ঘপকৰে এটা ডাঙৰ চিঞৰ ৷ চিঞৰিছে কোনোবাই বৰকৈ চিঞৰিছে, এনে লাগিছে যেন প্ৰতিটো চিঞৰে তেজস্বিনীৰ মৃত শৰীৰলৈ প্ৰাণ উভতাই আনিব ৷ তাৰ মানে তেজস্বিনী পুনৰ জী উঠিব নেকি? ( আগলৈ)

🖋️দিব্যজ্যোতি ৰাজখোৱা (দেৰগাওঁ)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)