কবি হীৰেণ ভট্টাচাৰ্য আৰু তেওঁৰ কবিতা

©Admin
0



                    

অঞ্চলভেদে কবি,লেখক বহুত আছে।তাৰ ভিতৰত কিছুলোক সফল আৰু সচেতন আৰু কিছুলোক মাত্ৰ কবি।তেনে এজন প্ৰতিভাশালী, সচেতন মনৰ কবি হ'ল অসমৰ হীৰু দা বা কবি হীৰেণ ভট্টাচাৰ্য ।যাৰ সৃষ্টিৰ কাব্যিক সত্তাই মহীৰূহ হৈ অসমৰ কাব্যজগত আৱৰি ৰাখিছে কেইবা দশকজুৰি।'সুগন্ধি পখিলাৰ কবি' আৰু 'এজাক ৰদালিৰ কবি' হিচাপে পৰিচিত হীৰু দাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত। তেখেতৰ পিতৃৰ নাম তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম স্নেহলতা ভট্টাচাৰ্য।অসমৰ কাব্যজগতৰ এইজনা মহান কবিয়ে জীৱনজুৰি কাব্য সাধনাত ব্ৰতী আছিল আৰু সৰ্বমুঠ ১০ খন কবিতা পুথি লিখিছিল। জীৱন কালতেই তেওঁ সফল কাব্য প্ৰতিভাৰ বাবে বহুতো সন্মন লাভ কৰিছিল।
              আচলতে কবি মানেই শব্দ শিল্পী। তেওঁলোকে শব্দৰ সহায়ত সমাজ জীৱনৰ পুঞ্জিভুত অনুভুতিবোৰ  নান্দনিকভাৱে ফুটাই তোলে। তেওঁলোকে শব্দৰ আলংকাৰিক গাঁথনিৰে জীৱন্ত ছবি আঁকে।
                   কবিসকল হয়তো অনুভৱৰ পৃথিৱীখনত বিচৰণ কৰে । তেওঁলোকে আঁতৰি যাব খোজে জনতাৰ পৰা নিৰ্জনতালৈ...................।
        "এটা অজুহাত পালে মই গুচি যাব পাৰোঁ যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুচি যাম....."

          আত্মবলিদানৰ গৰিমাময় ঐতিহ্য..............
        'মোৰ দেশৰ বাবে মই জীয়াই আছোঁ।
এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পন কৰিছোঁ।
ৰণুৱা বণুৱা,হালুৱা এই সকলোৰে মাজত..............."
          তেওঁ দেখা পাইছিল ভৱিষ্যতৰ পৃথিৱীৰ এক ভয়ানক প্ৰতিচ্ছবি।
          "কলঘৰৰ কলা ধোঁৱাই 
           এদিন আকাশত বিজুলী জলাব
            ৰাস্তাৰ কাষত এজাক ল'ৰাই 
             জীৱনৰ বাটে বাটে ফুল ফুলাব
               ব্যাধিগ্ৰস্ত এই নগৰে এদিন
         আকাশলৈ মূৰ তুলি চাব: আকাশ ইমান বহল 
দ-কৈ উশাহ লৈ ক'ব: বতাহ ইমান কোমল ।
              নপ্ৰজন্মক শিকাই থৈ যোৱা  এই  প্ৰতিভাশালী তথা বিখ্যাত কবিজনে ২০১৩ চনৰ ৪ জুলাই তাৰিখে পৰলোকলৈ গমন কৰে।

📝পংখী মৰাণ
    মহিলা মহাবিদ্যালয় তিনিচুকীয়া
    স্নাতক দ্বিতীয় ষান্মাষিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)