একাঠু পানীত ভুই ৰোৱা ছোৱালী তাই নাছিল

©Admin
0
একাঠু পানীত ভুই ৰোৱা ছোৱালী তাই নাছিল ৷
তাই আছিল প্ৰাণ চঞ্ছলাত ,
বাউলি বতাহী ৷
 আজি ,
সেইজনী ছোৱালীয়ে শাওণৰ পথাৰত ,
চিপচিপিয়া পানীৰ লগত নিজকে বিলীন কৰি পেলাইছে ৷
এতিয়া তাই জোকৰ আলিংগনলৈ ভয় নাখায় ৷
তাইৰ ৰঙীন দুচকুৰ স্বপ্ন ,
 হেৰুৱাই 
মৃত সমাধীত বহি গাঁঠিছে ফুলৰ সৌৰভ ৷
বোকালৈ ভয় খোৱা তাইজনীয়ে ,
পথাৰ খনত অকলেই সকলো কৰিব পৰা হ’ল ৷
একো কাম নকৰা তাই ,
ব্যস্ত জীৱন এতিয়া ৷
দুচকুত অলেখ  ভালপোৱা লৈ তাই যিদিনা মৰমৰ ,
মাক - দেউতাকৰ ঘৰখন  এৰিথৈ গুচি আহিছিল ,
সেইদিনা তাই জনা নাছিল যে ,
জীৱন জীয়াবলৈ কিমান কঠিন ৷

📝দেৱশ্ৰী ওজা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)