হস্তীৰো পিছলে পাও
সজ্জনৰো বুৰে নাও
ভাবি চিন্তি নকৰি কৰা ভুল কৰ্মত
প্ৰায়েই আমি উজুটি খাওঁ ।
অহংকাৰত মত্ত আছিল দুৰ্যোধন
পাণ্ডৱক নিদিছিল বেজিৰ আগত অহা মাটিকণ
সেইয়া জানো নাছিল ভুল
যাৰবাবে সমস্ত কৌৰৱ বংশৰ পতন।
আনৰ প্ৰৰোচনাত পৰি লোৱা ভুল সিদ্ধান্তই
আনিব পাৰে আমাৰ পতন
যেনেকৈ শকুনিৰ প্ৰৰোচনাত দুৰ্যোধনে
কৌৰৱ বংশৰ লগতে হেৰুৱাইছিল নিজৰো জীৱন।
কিবা এটা কৰাৰ আগতে
নকৰি উচিত অনুচিত বিচাৰ
ভৰি যদি থওঁ আমি ভুল পথত,
বিনিময়ত টুকিম আমি দুখৰ চকুলো
হেঙাৰ হৈ ঠিয় দিব ভুল সিদ্ধান্তই
জীৱনৰ অনাগত ভৱিষ্যতত।
ভুল মানুহৰ চিৰ লগৰী
নকৰোঁ বুলিলেও অজানিতে পৰি যায় খোজ
কাৰোবাৰ চকুত পৰিলে দিয়ে যদি শুধৰাই
নাবাঢ়ে ভুলৰ প্ৰকোপ,
অৱশ্যে ভুল কৰোঁতাই ল'ব লাগিব আদৰি
মোৰেই শুদ্ধ বুলি নামাৰি ডাংকোপ।
📝ব্ৰহ্মদেৱ গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ