এজাক বৰষুণৰ অপেক্ষাত -০২

Rinku Rajowar
0
হাত-ভৰি বোৰ কপিবলৈ ধৰিছিল। বহুত খং উঠিছে। হে প্ৰভু তুমি এইবোৰ কি কৰিলা। চকুপানী ওলাই গ'ল।
------ ধেৎ, তহঁতি এইবোৰ কি কৰি আছ'। ছোৱালীজনীক কিয় কন্দুৱালি। তোমালোক যোৱা এতিয়া। আঁতৰত থকা জনে ক'লে । 
কান্দি কান্দি ক্লাছ ত সোমালোহি। পাছৰ ক্লাছ কেইটাত অলপো মন নবহিল। কলেজ ছুটি হ'ল দুয়ো জনী ওলাই আহিছো।
-------- excuse me!!! I'm extremely sorry. তোমালোকক লগৰ কেইজনে তেনেকুৱা কৰা কাৰণে।
ছেকেণ্ড ফ্লৰত লগ পোৱা ল'ৰা ৫জনৰ ভিতৰত অলপ আঁতৰত থকা জনে ক'লে।
বৰ্ষাই কিবা ক'লে যদিও মই একো নক'লো। গুছি আহিলো। ঘৰলৈ আহিবলৈ গাড়ীত বহি আছো।
------- hey, তোমাৰ গাড়ী ইয়াত নেকি?
বাহিৰলৈ চালো ।দেখিলো তেওঁ। কলেজৰ ওচৰত হে পাইছিলো, ইয়াত কেতিয়া পালেহি?
-------হমম ,, ইয়াতে
------- সেই কথাটোত বেয়া পাই আছা। I'm sorry! মই কৈছো তোমাক sorry তেওঁলোকৰ হৈ।
-------হমম,, একো নাই। তললৈ চাই উত্তৰটো দিলো।
--------তোমাৰ নামটো?
--------জীয়া, জীয়া বৰুৱা।
--------ওমম,, ঠিক আছে তেন্তে। কলেজত লগ পাম তেতিয়া হ'লে পাছত। Bye. তুমি যাৱা।
---------ওমম
ঘৰ পালোগৈ, পাছদিনা আকৌ আগৰ নিচিনাকৈ কলেজলৈ ওলাইছো। কলেজৰ গেটখনৰ ওচৰলৈ গৈয়ে তেওঁক দেখিছো। মোক দেখি মিচিককৈ হাঁহি এটা মাৰি দিলে।
-----লাজ লাগি গ'ল।
লাহে লাহে ক্লাছবোৰ আৰম্ভ হ'ল। ক্লাছৰ মাজতে বৰ্ষাক ফুচফুচাই ক'লো।
------কেণ্টিন যাম দেই, আজি ৰাতিপুৱা একো খাৱলৈ মন নগ'লে।ভোক লাগিছে এতিয়া।
বৰ্ষা------ওমম,, ঠিক আছে। ওলাবা।
ক্লাছ শেষ হ'ল, কেণ্টিন গ'লো দুয়োজনী।
গৈয়ে আজিও তেওঁলোককে দেখিছো,বহি আছে ।যাবলৈ মন নগ'লে যদিও ভোকৰ কাৰণে যাব লগা হ'ল।
-----আজি কিবা ক'লে মইয়ো কৈ দিম নহ'লে কান্দুৰী বুলি ক'ৱ সৱেই।
-----সোমাই গ'লো দুয়োজনী। কিবা এটা লৈ খাৱলৈ ধৰিছো।নাই চোৱা তেওঁলোকৰ ফালে। খাই হোৱা পাছত ওলাই আহিছো। তেনেতে....
----- Oii,,sorry . বেয়া নাপাবা তোমালোকে কালি ধেমালি কৰিছিলো।
------ঘুৰি চালো গোটেই কেইজনে sorry কৈছে।
বৰ্ষা------ it's ok.
গুছি আহিলো। মনটো কিবা এটা ভাল লাগি গ'ল । তথাপিও খংটো কমা নাছিল। কলেজলৈ গৈয়ে কান্দিব লগা হৈছে। হুহ।।লাষ্ট ক্লাছটো কৰি আছো।পতককৈ খিৰিকীয়ে দি বাহিৰলৈ চাই পঠিয়ালো,দেখিলো তেওঁ প্ৰিন্সিপাল চাৰৰ লগত কিবা কথা পাতি আছে। কেনেবাকৈ তেওঁ ঘূৰি দিওতে চকুৱে চকুৱে পৰিলো।
________অহ!শেষ।চাই আছিলো বুলি গম পালে নেকি? মই মানে কি কৰি থাকো। ধেৎ!

লাহে লাহে সময় বোৰ পাৰ হ'ল । বৰ্ষা মোৰ সম্পৰ্ক এতিয়া তুমি পৰা তই হ'ল। আজিকালি ঘৰলৈ যোৱা সময়ত তেওঁক খুবেই লগ পাওঁ।মোক ইটো সিটো সুধি থাকে। বৰ্ষা লগত নাথাকে কাৰণে সেইটো সময়ত বৰ লাজ লাগে। তথাপিও তলে তলে মনটো ভাল লাগি যায় আৰু কলেজত আজিকালি প্ৰায়ে চিনিয়ৰ কেইজনৰ লগত কথা পতা হয়।মই ইমান কথা নাপাতো যদিও বৰ্ষাই খুব কথা পাতে।
________ইমান কেনেকৈ কথা পাতিব পাৰ', মুখ খন তোৰ বন্ধই নহয়।(কলেজৰ পৰা আহি থাকোতে বৰ্ষাক ক'লো)
বৰ্ষা_______হ'ব তোৰ নিচিনা লাজকুৰীয়া হ'লে হে হ'ব। কলেজৰ প্ৰথম দিনাই তই মোক টানি আনিলি কাৰণেহে কাণত ধৰিব কৈছিল।
_______ হুহঃ হ'ব।শুন না তোক কথা এটা কবলৈ আছে।মোৰ যে আজিকালি কাৰোবাক খুব ভাল লগা হৈছে।
বৰ্ষা_______ ওম।মই গম পাইছো
________গম পাইছ!কেনেকৈ গম পাইছ?
বৰ্ষা_______ তেনেকৈয়ে গম পাইছো।
________কিন্তু মই যে আজিলৈকে তেওঁৰ নামটোৱে নাজানো।

______Hii,,,
(ওলালেহি নহয় মুখৰ আগতে।)
_______কলেজখন কেনেকুৱা পাইছা?
________ভালেই। আজি বৰ্ষাতকৈ আগত উত্তৰ মই দিলো। কিন্তু তেওঁৰ মুখলৈ চাই কথাটো কোৱাৰ সাহসকন নহ'লে ।

________অই প্ৰান্তিক! কাইলৈ আমাৰ ক্লাছ নহয়, আহিব নালাগে।(তেওঁৰ লগৰ এজনে মাত লগালে)

______অহঃ নামটো প্ৰান্তিক,কিবা এটা ভাল লাগি গ'ল ।
প্ৰান্তিক______অই তোমালোক যাবা হা! পাছত লগ পাম।
______ওম। ঠিক আছে।

ঘৰলৈ আহি চিধাই ফেচবুক টো অন কৰি লৈছো।ফেচবুক খোলা বেছি দিন নাইহোৱা ভালদৰে একো নাজানো যদিও সৰু সুৰা কাম বোৰ শিকিলো । তেওঁৰ উপাধিটো নাজানো অকল নামটোকে search কৰিলো।
_______প্ৰান্তিক! প্ৰান্তিক! প্ৰান্তিক।অহহ, এইয়া ওলালে। প্ৰান্তিক শৰ্মা। Request এটা পঠাই দিও নেকি? নাই নাই গণ্ডগোল হৈ যাব। কি বুলি যে ভাবিব মোক। উহো! এফালৰ পৰা ফটো বোৰ চাই চাই গৈ আছো। ইমান কিয় ভাল লাগিব লৈছে? যিজন মানুহক আজিলৈকে ভালদৰে চাবলৈ সাহস কৰা নাই। তেওঁক আজি ইমান ওচৰৰ পৰা দেখিছো।

আগলৈ••

🖋️পূৰ্ণিমা হালৈ, গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)