বিপন্ন দিনৰ দিনলেখা

©Admin
0
মাৰ্চ মাহৰ প্ৰথম পষেকৰ কথা। অহুকাণে- পহুকাণে , টিভিয়ে, পেপাৰে আৰু ম'বাইল ফোনৰ যোগে শুনি আছো কথাবোৰ। এচিয়া মহাদেশৰ চহকী চীনক কি দৰে বিধস্ত কৰিছে ক'ৰণা ভাইৰাছে। সামন্য অণুজীৱ এটাই কি দৰে চূৰ্ণ কৰিছে মানুহৰ দম্ভ-অহংকাৰ। শুনিছো , ভাৱিছো কথাবোৰ।অনুমান কৰিছো মহামাৰীৰ নিষ্ঠুৰ কিৰিলিবোৰ।
          ফাগুৱাৰ বন্ধ সুৰুঙা পায় নিজ কৰ্মস্হান গহপুৰৰ পৰা ঢাপলি মেলিলো সু-দূৰ শিৱসাগৰৰ নিজা ঘৰলৈ। বহুত দিনৰ পাছত ঘৰৰ মানুবোৰৰ মাজত নিজকে কিছু সুৰক্ষিত যেন অনুভৱ কৰিলোঁ। তথাপি অদেখা স্পৰ্শহীন
মহামাৰীৰৰ আতংকত , বুজা নোবুজা দোমোজাত, পালন নহ'ল ফাল্গু উৎসৱ। 
            পুনৰ আহি ব্যস্ত হৈ পৰিছিলো নৈত্য -নৈমত্তিকতাৰ মাজত। স্কুল আৰু ভাড়া ৰূমৰ মধুৰ গাঁঠা।  তাৰ মাজতে আবেলি অলপ খেলা -ধূলা। সন্ধিয়া অকনমান সাহিত্য চৰ্চা। 
             এনেদৰেই পাৰ হৈছিল সময়। সৰ্বত্ৰ তেতিয়া ক'ৰণাৰ আলোচনা।ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছিল মহামাৰী ক'ৰণা। ৰাজ্যিক চৰকাৰৰ সিদ্ধান্ত মৰ্মে স্কুলত মহামাৰী সম্পৰ্কে সজাগতা সভাৰ আয়োজন।
          অৱশেষত স্কুল বন্ধ ঘোষণা। পুনৰ স্কুলৰ আশে-পাশে সজাগতা সভা। শিক্ষক হিচাবে সমাজৰ মাজত সচেতনতাৰ দায়বদ্ধতা মানি পাৰ্যমানে চেষ্টা। 
            ইতিমধ্যে স্কুল বন্ধৰ সুযোগতে লগৰ বিলাকৰ পুনৰ ঘৰলৈ উভটনি যাত্ৰা। মইয়ো মনতে ভাৱিলো দুদিন পাছত যাম ঘৰলে। তাতে ভুল হ'ল সিদ্ধান্ত। লক্-ডাউন।
নতুন ব্যৱস্হাৰ সম্পৰ্কে ইমান জ্ঞাত নাছিলো। তথাপি চৰকাৰৰ সিন্ধান্তক সন্মান জনাই  ভাবিলো এক সপ্তাহ মাত্ৰ। হ'ৱ থাকি যাম। কিনো কথা। 
          সময়ে প্ৰতাৰণা কৰিলেতো কৰিলেই সিদ্ধান্তইয়ো প্ৰতাৰণা কৰিলে। গম পালো ২১ দিনিয়া লক্-ডাউন।  উপায়হীন হৈ পৰিলোঁ। ভাগ্য ভাল আছিল যে ৰূমত আৰু এজন আছিল মানে সিও থাকি গ'ল। ঘৰ হোজাইত!  বিপদে আপদে দুটাই প্ৰাণী। অচিন ঠাইত। মালিকৰ ঘৰৰ মানুহৰ বাদে আন চিনা জনা নাই! 
দুয়োটাই উপলব্ধি কৰিলোঁ। ভুল কৰিলো আমি।

              এতিয়া এক প্ৰকাৰ গৃহ বন্দী আমি।নেযায় দিন ।নেযায় ৰাতি। কিমানো খেলিম। কিমানো লিখিম। শব্দই নাহে মনলৈ। কিমান চাম ম'বাইল। কথা-বতৰা পাতিবলেও নাই বিশেষ। আমনি লাগিলেয়ো কবিতা লিখা আৰু গোটবোৰত আপলোড কৰা, মন্তব্যবোৰৰ প্ৰতি মন্তব্য লিখাত ব্যস্ত হৈ পৰিলো।
             আন আন কবিসকলৰ কবিতা পঢ়ি মন্তব্য কৰি সময়বোৰ পাৰ কৰিছো। দেশ-বিদেশৰ খৱৰবোৰে ভাৰাক্ৰান্ত কৰিতোলে মনটো। তথাপি কোনো নিঃসংগ মূহুৰ্তত মন উৰা মাৰে ঘৰখনলে। মনত পৰে মা-লৈ। সংকটৰ সময়ত কি বা কৰিছে? কিবা ভাবিছে? দুঃচিন্তা কিছুমানে বাহ সাজে মনত গোপনে অলক্ষিতে। শুকুলা অসমৰ মানচিত্ৰখন ৰঙা হ'ল। ৰাজধানীৰ নিজামুদ্দিনৰ পৰা ক'ৰণা আদৰি আনিলে অসমলৈ। অধিক জটিল হ'ল সময়। যি অলপ আশা আছিল বিহুত ঘৰলৈ যাবলৈ পাম বুলি সেই আশাত চেঁচা পানী পৰিল এতিয়া। বান্দৰ বিলাকৰ বান্দৰামি দেখি খং উঠিছে আজি।

                         এই নিঃসংগ তথা বন্দীত্ব সময়বোৰত এক মাত্ৰ সংগী হ'ল মোৰ ম'বাইলটো। বাট চাওঁ  এটা বিশেষ ৰিং টনলৈ। মোৰ আটাইতকৈ প্ৰিয় বন্ধু জনৰ এষাৰ মাতলৈ। যি মোক সংগ দিয়ে প্ৰতি দিনে প্ৰতি সময়তে। মনত পৰে তালৈ। অনুমান কৰিছো সিও অনুতপ্ত আজি ছাগে।
            এনেদৰেই এটা ৰূম।একেখন বেলকনি। একেখন চোতাল প্ৰসংগ কেৱল ক'ৰণা। তথাপি পাৰ কৰিছো আজি দহোটা দিন যেন দহবছৰ। ভাবিছো কাৰ ক'ত ভুল হ'ল। যাৰ বাবে সময়বোৰ দুঃসময় হ'ল। বৰণীয়া বসুমতী বিপন্ন হ'ল। কিহৰ আগজাননী এইবোৰ
             বেলকনিৰ পৰা অপলক নেত্ৰে চাও ভাড় ঘৰৰ আগফালে আম গছজোপাত ফুলা কপৌ কেইপাহলৈ। সিঁহতেতো নাজানে নষ্ট মানুহৰ কথা!
মনত পৰে ঘৰৰ পদূলিৰ তামোল জোপাত থকা শুকুলা কপৌ জোপালৈ । লহ্ -পহাই বাঢ়িছে ছাগে, বহাগ অহাৰ উমান পায়। এইবাৰ বা কেইপাহে মেলিছে পাহি ৷

📝প্ৰবীণ দত্ত
 শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)