জোনাকত জিলিকা নিয়ৰ (খণ্ড-১০)

©Admin
0
(হঠ্যাতে তাইৰ ওচৰতে বহি থকা জোনাকৰ কাণ এখনত ধৰি ক'লে____।)

তেতিয়া কিয় ছাগলী বুলি কৈছিলা?
নিয়ৰৰ কাণ্ড দেখি অনিন্দ্যহঁতে হাঁহিলে।তাই যে এনেদৰে কাণত ধৰিব জোনাকে কল্পনাও কৰা নাছিল,তাৰ খং উঠিল।যেতিয়ালৈকে কাণত ধৰি থাক হাজাৰ বাৰ ক'ম ছাগলী ছাগলী।নিয়ৰৰ দুচকুৰে অশ্ৰু বৈ আহিল।ভাস্কৰে এনেদৰে কৈছিল কাণৰ পৰা হাত আঁতৰাই ননালৈকে।তাই জোনাকৰ কাণৰ পৰা হাত আঁতৰাই আনিলে।তাই হাঁহি উঠিল, নিয়ৰৰ হাঁহি কান্দোনৰ মিশ্ৰিত ৰূপটো দেখি জোনাক স্তদ্ধ হৈ গ'ল।
আজিৰ পৰা মই কেতিয়াও নাকান্দো,কিন্তু মোক খং উঠাব লাগিব তেতিয়াহে মই হাঁহিম।এজনী সৰু ছোৱালীৰ দৰে নিয়ৰে ক'লে।
হ'ব পণ্ডিতনী আজিৰ পৰা সেই গুৰু দ্বায়িত্ব মই ল'লো।পিছে মোৰ দুটা চৰ্ত আছে___প্ৰথমতে মোক তুমি বুলি ক'ব নোৱাৰিবি, দ্বিতীয়তে এই ছাত্ৰ দুটাৰ আগত কাণত ধৰা চুলি টনা শাস্তি দিব নোৱাৰিবি।জোনাক আৰু নিয়ৰৰ কথা শুনি অনিন্দ্যহঁতে চিঞৰি উঠিল।জোনাকৰ এনে লাগিল দূৰ আকাশত জিলিকি উঠা তৰা বোৰৰ মাজৰ পৰা যেন এটি তৰা বেছিকৈ জিলিকি উঠিছে সিহঁতৰ আনন্দ দেখি।
জোনাকত জিলিকা নিয়ৰে হাঁহি হাঁহি ক'লে।
তৰাৰ দেশত থকা কণমানি তৰা।
তুমি সদায় উজ্জ্বলি থাকিবা 
আমাৰ মন আকাশত।
                 সমাপ্ত।

নমস্কাৰ সাহিত্য প্ৰেমী মোৰ কবি বন্ধু সকল আজি মোৰ ধাৰাবাহিক চুটিগল্প খন সম্পূৰ্ণ কৰিলো আপোনালোকৰ আৰ্শীবাদত

📝দ্বীপ দীপাংকৰ লাহন
     বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)