জীৱনৰ সাধু-০৮

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••

     যাদৱদেৱৰ অভিযানৰ টীমটোৱে পাতিল নাৰ্চিংহোম অনুসন্ধানৰ পিছত এইবাৰ সক্ৰিয় চাচপেক্ট হিচাপে তেজস্বিনীৰ স্বামী অংকুৰ নিবিৰ চৌধুৰীক আটক কৰিবলৈ সক্ষম হ'ল ৷ মই আৰক্ষীৰ টীমটোক বিশ্বাস দিছিলো যে অংকুৰ নিবিৰে সকলোবোৰ জানে, মাথোঁ অভিনয় কৰি আছে,অংকুৰেই মোৰ বাক হত্যা কৰিছে৷ 

▪▪▪▪▪▪▪▪▪
    ( ইহঁত দুজনীয়ে বুকুত যিমানেই কামুৰি ধৰে সিমানেই মোৰ নিজৰ ওপৰত নাৰী হৈ জন্মাৰ ধিৎকাৰ ওপজে ৷ মই এনে এখন কাৰাগাৰৰ বন্দী হৈ ৰাতি-দিনবোৰ ভাগ কৰিবলৈ শিকিছিলো, চকুৰ পতাবোৰক  সেমেকাবলৈ চেষ্টা কৰিছিলো ... য'ত চলে কব নোৱাৰাকৈ নাৰীৰ ওপৰত অত্যাচাৰ ৷ মোৰ জৰায়ুয়ে বৰ কষ্ট পায় ৷ খেকাৰ গিলা মানুহজনীক যদি কোনো নাৱৰীয়াই জন্ম নিদিলে হয় তেন্তে দুপৰ ৰাতি দুঁৱাৰত টোকৰ দিয়া মানুহজনৰ জন্ম হ'লহেতেননে?  - তেজস্বিনী)  

▪▪▪▪▪▪▪▪▪▪▪▪

      - মোৰ প্ৰথম সন্তান হিচাপে ছোৱালী হৈছিল,  ভাৱিছিলোঁ দ্বিতীয় সন্তান হিচাপে এটা ল'ৰা হব ৷ মোৰ ঘৰখনেও ভাৱিছিল যে এটা ভাল খবৰ আহিব , এইবাৰ ল'ৰা হব, কিন্তু নহ'ল ৷ তেজস্বিনীয়ে দ্বিতীয় সন্তান হিচাপে ছোৱালী এজনীক জন্ম দিলে ৷ মই কি কৰিম, মোৰ ঘৰৰ মানুহবোৰে এই কাৰণত তেজস্বিনীক বহু অত্যাচাৰ কৰিবলৈ ল'লে ৷ মোৰ মায়ে মোৰ ছোৱালী দুজনীক নিজৰ নাতী বুলি স্বীকাৰ কৰি নললে ৷ দিনক দিনে মইও সিঁহতৰ প্ৰতি অসহ্যকৰ অনুভৱ কৰাটো মোৰ অভ্যাসত পৰিণত হ'ল ৷ এইবাৰ পুনৰ তেজস্বিনী গৰ্ভৱতি হ'ল ৷ মোৰ বন্ধু আজমলে প্ৰায় মোক লগ ধৰিছিল আৰু পাতিল নাৰ্চিংহোমৰ কথা কৈছিল ৷ সি কৈছিল চন'গ্ৰাফী কৰি গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী সেইটো গম পোৱা যাব আৰু যদি ছোৱালী হয় তেন্তে ডাক্টৰ ৰিতেশ পাতিলে গৰ্ভ নিষ্কাসন কৰি সন্তানটো গৰ্ভতে মাৰি পেলাব ৷ তাৰ কথা মতেই মই কাম কৰিম বুলি থিৰাং কৰিলো, কথাবোৰ শুনি মনটো অলপ ভাল- ভালো লাগিছিল, কিয়নো মই পুনৰ এজনী ছোৱালীক মোৰ সন্তানৰূপে বিচৰা নাছিলো জীৱনত ৷ দিল্লী পাবলিক মেডিকেলৰ ডাক্টৰ, ডাঃ জয়প্ৰকাশ নাৰায়ণে চন'গ্ৰাফী কৰিলে আৰু সন্তানটো ছোৱালী বুলি প্ৰমাণ হ'ল ৷ লগে লগে ডাঃ পাতিলে পাঁচমহীয়া সন্তানৰ গৰ্ভ নিষ্কাসনৰ অপাৰেচন আৰম্ভ কৰিলে   তাৰ বিনিময়ত মই ডাঃ পাতিলক ১০ লাখ টকা দিবলগীয়া হৈছিল ৷ মোৰ পৰা দুখনমান কাগজত চহীও লৈছিল ডাঃ সুনীতা পাতিলে ৷ যাৰ জড়িয়তে অপাৰেচনত পেচেণ্টৰ মৃত্যু হ'লেও ডাক্টৰ জগৰীয়া নহয় বুলি লিখা আছিল ৷ প্ৰায় দুই ঘণ্টাৰ মূৰত অপাৰেশ্বন ৰোমৰ পৰা ডাঃ পাতিল ওলাই আহি মোক ক'লে - গৰ্ভ নিস্কাষণ হৈ গৈছে কিন্তু... পেচেণ্টৰ শৰীৰৰ পৰা অত্যধিক তেজ ক্ষৰণ হোৱাৰ বাবে পেচেণ্টক আমি বচাব নোৱাৰিলোঁ,চৰি ৷ সেই সময়ত মোৰ মূৰে আচন্দ্ৰাই ধৰিছিল ৷ মই তেজস্বিনীৰ পৰা এটা ল'ৰা সন্তান বিচাৰিছিলো, তাৰ আগতেই তাইক মই হেৰুৱাব বিচৰা নাছিলো ৷ তাইৰ মৃত্যুত মই বহুত ভয় খালো ৷ তেতিয়া ডাঃ পাতিলে ক'লে এইবোৰ কথা সমাজত গম পালে তুমি আৰু মই দুয়ো অপৰাধী হম গতিকে তুমি এইবোৰ কাকো নকবা ৷ মই যথেষ্ট ভয় খোৱা বাবে মইও বিপদৰ পৰা হাত সাৰিব বিচাৰিছিলো আৰু  তেতিয়া সুধিলো, মই কি বুলি কম এতিয়া সমাজক তেজস্বিনীৰ মৃত্যুক? ?

▪▪▪▪▪▪▪▪▪▪▪

     সাধুত সকলোবোৰ সচা কথা নাথাকে যদিও  শুনি পোৱাত,বুজি পোৱাত বেছ আনন্দ লাগে কিন্তু জীৱনৰ সাধুবোৰ সম্পূৰ্ণ সত্যতা নিৰ্লিপ্ত হৈ থাকে ৷ তেজস্বিনীৰ  টিপচাকিবোৰ জ্বলি থাকিবলৈ  নিদিয়ে খেকাৰগিলা মানুহজনীয়ে, সেয়ে হয়তো জীৱনত পৰীদুজনীক আপোন কৰিব নোৱাৰিলে ৷ ভাবি থাকোতেই নৈখন বাম হৈ গ'ল, তই ভাবিছিলি নহয় নৈখন এদিন দ কৰিব পাৰিবি, সেইদিনা তোৰ নাওঁখন তুলুঙা নহব বুলি ভাবিছিলি নহয় আজি কলৈ গ'ল তোৰ সেইবোৰ হেঁপাহ ৷ আজিৰ পৰা নাওঁখন অকলশৰীয়া হ'ল, অতদিনে ঘাটটোক শুৱনি কৰি ৰখা পিতাইয়ে পাতিযোৱা ৰখীয়া নাইকীয়া হ'ল ৷ আজিৰ পৰা ঘাটটোৱে উচুপি কান্দিব ৷ 

( কান্দক দিয়া , সেই ঘাটতেইচোন কান্দে সিঁহত চাৰিজনী যখিনীয় - তেজস্বিনী)  

▪▪▪▪▪▪▪▪▪▪▪▪▪
     - তেতিয়া ডাক্টৰ পাতিলে মোক ক'লে - 
 " হাৰ্ট এটেক বুলি কৈ দিবা ৷ দুয়োতা মন্দিৰ গৈছিলা, ঘূৰি আঁহোতেই  হাৰ্টএটেক আহিল ৷ তাৰ পিছক মোৰ নাৰ্চিং হোমলৈ আনিলা আৰু  ইয়াতেই মৃত্যু হ'ল তেজস্বিনীৰ ৷ মই ডেঠ চাৰ্টিপিকেট দি দিছো আৰু মোৰ বন্ধু পুনে থানাৰ S.I চাহাবক মই ফোন কৰি কৈ দিম,তুমি যাবা তেওঁৰ ওচৰত আৰু তেওঁ আকস্মিক দূৰ্ঘটনাত মৃত্যু হ'ল বুলি প্ৰমাণপত্ৰ লিখি দিব ৷ কিন্তু তুমি মৃতদেহটো আজি ৰাতিৰ ভিতৰতে সৎকাৰ কৰি দিব লাগিব নহ'লে সকলোৱে গম পাব ৷"
   আৰু মই ডাক্টৰ পাতিলৰ কথা মতেই কাম কৰিলোঁ ৷ মই নিৰ্দোষী ছাৰ মোক ক্ষমা কৰক৷

      অংকুৰ নিবিৰ চৌধুৰী নিৰ্দোষী কোন সতে ?  আপোনালোক যিসকলে পঢ়ি আছে বহু কথাই জানে, বিবেচনা কৰক কিদৰে নিৰ্দোষী হব পাৰে সি?  আজি এনেকৈ সকলোবোৰ অপৰাধী নিৰ্দোষী হোৱা হ'লে মই ৰাগিনী চৌধুৰীয়ে "জীৱনৰ সাধু" লিখিবলগীয়া নহ'ল হয় ৷

▪▪▪▪▪▪▪▪▪▪▪▪ 

( আপোনালোকে ভাবিছে চাগে মোৰ জীৱনৰ সাধু ইমানতে শেষ হৈছে ৷ কিন্তু এগৰাকী নাৰীক নিস্পাপ আৰু নিদাৰুণভাৱে হত্যা কৰাৰ পিছত আমি কি ন্যায় নাপাম নেকি? যেতিয়ালৈকে মই ন্যায় নাপাওঁ তেতিয়ালৈকে মোৰ জীৱনৰ সাধু সকলোকে শুনাই যাব লাগিব ৰাগিনী - তেজস্বিনী)
    
  - আগলৈ

🖋️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)