এজাক বৰষুণৰ অপেক্ষাত -০৩

Rinku Rajowar
0
জীয়া______হা,,,, ক'ত, নাই হঁহা মই ।
প্ৰান্তিক_______হ'ব দিয়া। লাজ কৰিব নালাগে।
জীয়া _______কি মানুহ অ এইটো? আৰু মইও মানে।
        ________মনে মনে থাকিলো।
প্ৰান্তিক_______লাজ কৰিলে তোমাক বৰ ধুনীয়া লাগে।
জিয়া_______কথাটো শুনিও নুশুনাৰ ভাওঁ জুৰিলো। বহুত লাজ লাগিছে।
প্ৰান্তিক_______সেইয়া আকৌ লাজ কৰিছে তাই।
জিয়া_______নাই কৰা লাজ। তেওঁৰ কথা কেইটা শুনি বহুত হাঁহি উঠিছে যদিও এইবাৰ দেখাই দিয়া নাই।
প্ৰান্তিক______ তুমি কিয় এনেকুৱা সৰু ছোৱালীৰ নিচিনা।
জীয়া_______মানে?
প্ৰান্তিক_______মানে কি? সেইদিনা সৰু ছোৱালীৰ নিচিনাকৈ ভে কৈ মুখ খন মেলি দিলা কন্দুৰি।
জীয়া_______অ' কি নাকান্দিম নেকি? সৱ আপোনালোকৰ কাৰণেই হৈছিল।
প্ৰান্তিক_______কান্দুৰি
জীয়া________হ'ব, এতিয়া সেইটো নাম দি মোক জোকাই নাথাকিব।
প্ৰান্তিক_______হাঃহাঃ মোৰ মন গ'লে জোকামেই
জীয়া______ huh। ঘোপাকৈ চালো
       _______বৰষুণ জাক এতিয়াও দিয়েই আছে। গাড়ীৰ খিৰিকিয়েদি বাহিৰলৈ চাই গৈ আছো। সময়বোৰ কিয় ইমান ভাল লাগিব ধৰিছে। বৰষুণ জাক নহা হ'লে আজি হয়তো এইখিনি অনুভৱ কৰিব নাপালো হেতেন।
________ৰখাব' ইয়াতে।
প্ৰান্তিক_______ ওম পালোহি ।
জীয়া_______হম যাওঁ তেতিয়া হ'লে । গাড়ীৰ দৰ্জাখন খুলিব লৈছো।
প্ৰান্তিক______ৰ'ৱা ! মই খুলি দিছো।
জীয়া_______ নামি আহি তেওঁ দৰ্জাখন খুলি দিছে। বৰষুণ জাক তেতিয়াও কিনকিন কৈ দিয়েই আছে। বৰষুণৰ টোপাল বোৰ তেওঁৰ চকুৱে মুখে পৰিছে। মই মাত্ৰ তেওঁক চাই ৰৈছো।
প্ৰান্তিক_______নামা আকৌ কি ভাবি আছা।
জীয়া________ওম যাওঁ
প্ৰান্তিক______ঘৰলৈ নামাতা নেকি?
জীয়া________আহঁক ।
প্ৰান্তিক_______আজি নাযাওঁ দিয়া। পাছত কেতিয়াবা যাম।
জীয়া_______ওম ঠিক আছে।bye (আহিব লৈছো)
প্ৰান্তিক________শুনা!
জীয়া______ঘূৰি চালো পাছলৈ।
        _______ ওম কওঁক।
প্ৰান্তিক______নাই একো নাই যোৱা।মিচিককৈ হাঁহি এটা মাৰি দিলে।
_______গুছি আহিলো। ঘৰ পাই অলপ আৰাম কৰি বৰ্ষা লৈ ফোন এটা লগালো।
______ফোন টো ৰিচিভ কৰিলে হয় তাই। বেয়া দিম আজি তাইক। বহুত খং উঠি আছে তাইৰ ওপৰত।
বৰ্ষা______অ' জীয়া ক
জীয়া______- কি ক'? কলেজ নাহ' তইটো মোক ক'ব পাৰ"। অকলে অকলে কলেজত মূৰ্ত্তি টোৰ নিচিনাকৈ বহি আছো। উপাই নাপাই ছুটি লৈ আহিবলগীয়া হৈছে।
বৰ্ষা______ ৰ' চোন । তোৰ কথা কৈ হ'ল যদি মই ক'ব পাৰো নে এতিয়া?
জীয়া______ক'
বৰ্ষা_______আজি ৰাতিপুৱা মোৰ ইমান গা বেয়া যে ফোন টো চাবলৈও ধৰ্য্য নাই।তোক ক'ম বুলি ভাবিছিলো কিন্তু নোৱাৰিলো বেয়া নাপাবি এতিয়া হে অলপ ভাল পাইছো।
জীয়া______huh পিছে মই আজি কলেজ  গ'লো ভালেই হ'ল। আজি জান' মই প্ৰান্তিকদাৰ লগত আহিলো।
বৰ্ষা______ৱাহ।। কেনেকৈ ক'ত লগ পালি?
জীয়া_______ কলেজৰ পৰা আহোতে বৰষুণ দিছিল ।আহিবলৈ অসুবিধা হোৱাত মোক থৈ গ'লহি । আৰু জান'নে মোক কান্দুৰি বুলি কৈছে। সেইদিনা কন্দা কাৰণে। ইমান লাজ পাইছো।
বৰ্ষা______ ওম ভালেই হ'ল দে।
জীয়া______হ'ব দে তই আৰাম কৰ। মোৰো গাটো কিবা ভাল লগা নাই বৰষুণত তিতিলো কাৰণে। পিছত পাতিম।
বৰ্ষা______হমম,,ঠিক আছে bye
______ফ'নটো কাটি এনেই বিছনা খনত পৰি আছো। সন্ধিয়াও হ'ল তেতিয়া। ৭টা মান বাজিল। তেনেতে ফোন টোত মেছেজ এটা সোমাইছে
_______oii পোৱালি
_______আও! পোৱালি বুলি কৈছে কোন পোৱালি? নাম্বাৰটো চালো unknown number। লগালগ মেচেজ টো ৰিপ্লাই কৰিছো
_______কোন পোৱালি??
________তুমি পোৱালি। লগালগ ৰিপ্লাই আহিছে।
_______মই পোৱালি। মোক পোৱালি বুলি কৈছে। কোন হ'ব পাৰে বাৰু?
______কোন হয় সুধিলো
______মই প্ৰান্তিক
বুকু খন ধকধক কৰিছে। গাল খন চুই চাইছো। সপোন নেকি? উহু সপোন নহয়। সঁচাকেই প্ৰান্তিক দাৰ মেচেজ। 
_______কোন প্ৰান্তিক? নামটো জানো যদিও নজনা ভাওঁত সুধি চালো।
_______ আৰে মই এতিয়া যে ঘৰত থৈ আহিছিলো। Can I call you?
______কি ক'ম ?কি ক'ম ফোন কৰো বুলি কৈছে। ভাবি ভাবি ক'লো
______ hmm ঠিক আছে।
আহিলেই ফোন। ৰিচিভ কৰিলো।
প্ৰান্তিক_______ hello" 
মাতটো শুনি আকৌ বুকুখন ধকধক কৰিছে।
______hm hello 
প্ৰান্তিক_______ কি কৰিছা? চিনি পালা নাই
______ এনেই শুই আছো।।um চিনি পালো।
প্ৰান্তিক______কিয় এতিয়া অসময়ত শুই আছা যে?
______এনেই বৰষুণত অলপ তিতিলো কাৰণে গাটো কিবা ভাল লগা নাই।
প্ৰান্তিক______oohoo
_______ মোৰ ফোন নম্বৰটো ক'ত পালে আপুনি?
প্ৰান্তিক_______ বৰ্ষা পৰা ললো সেইদিনা কলেজত।
এই বৰ্ষা জনী মানে? মোক তথাপিও তাই কোৱা নাই বেছি অলপ।
প্ৰান্তিক______কি হ'ল? খং উঠিছে ন"
______নাই নাই উঠা খং।
প্ৰান্তিক______হ'ব দিয়াখং নকৰিবা
______হাঁহি উঠি গৈছে অলপকৈ।
______ জীউ কাৰ লগত কথা পাতি আছ'" (মায়ে মাত লগালে)
______ নাই মা বৰ্ষা লৈ ফোন এটা লগাইছো।
_______অ"
প্ৰান্তিক_______কিয়? ফাকি কিয় দিলা?
_______এনেই। By the way মই পোৱালি নহয়।
প্ৰান্তিক______কোনে কৈছে তোমাক পোৱালি?
_______আপুনিয়েই টো কৈছিল অলপ আগত।
প্ৰান্তিক_______অহ" মই কৈছো যদি হয় তেতিয়া হ'লে হয় তুমি পোৱালি। কান্দুৰি, পোৱালি সব হয় তুমি।
_____ কিনো.....huh
প্ৰান্তিক______হ'ব দিয়া এতিয়া লাজ কৰিব নালাগে তুমি কাইলৈ কলেজত লাজ কৰিবাহি ।

আগলৈ,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)