প্ৰেম এক সুৰৰ গাথা-০৩

Rinku Rajowar
0
  —কথা এটা কওঁ তোমাক?
  —কোৱা,,
  —তোমাৰ ফটো দুখনমান দিয়াচোন,যদি বেয়া নোপোৱা!
   — অ'( তাই ভাবিলে, "গেলেৰীৰত বহুত ফটো আছে, কোনখন দিও বাৰু, এহ্ যিহওক  দি দিও মোৰ ভাল লগা কেইখনকেই, এইবুলি তাই অংকুৰলৈ ফটো দিলে)
  — তোমাক মীনাক্ষী চাদৰ মেখেলা পিন্ধিলত বৰ বেছি মৰম লাগিছে, ধুনীয়া গোটেই মানুজনী, ৰঙা পাৰীৰ সৈতে কাপোৰ যোৰে জিলিকাই তুলিছে,তোমাৰ চুলিখিনি আৰু বিশেষকৈ মুখখনত বিয়পি থকা হাঁহিতি,কি কʼম মই,, সচাই তুমি ধুনীয়া।বৰ বেছি হ'ল নেকি বাৰু প্ৰসংশা ? হাঃ, হাঃ, হাঃ,,
      — হ'ব হ'ব মই ইমানো ধুনীয়া নহয়!
     — শুনাচোন,,,
     —ওম, কোৱা।
    —তুমি চাদৰ মেখেলা পিন্ধি টোলা ফটো মোক আৰু দিবাচোন।।
    — বাৰু,,,
(এইদৰেই অংকুৰৰ সেই সাধাৰণ মনতো আৰু মীনাক্ষীৰ সৰলতাবোৰ যেন দুয়োৰে মাজতেই বাঢ়িবলৈ ধৰিলে, ৰাতিপুৱা শুই উঠিয়েই ইজনে আনজনক দিয়া' good morning' ৰ পৰা 'goodnight' লৈকে যেন এক অভ্যাস, তেনে গভীৰতাবোৰো  ক্ৰমাৎ বৃদ্ধি হবলৈ ধৰিলে।মীনাক্ষীৰ যে আজিকালি ভালদৰে টোপনীয়েই নাহে, নিজেই নিজকে তাই প্ৰশ্ন কৰে কিয় যে এনে হয়? ভালপোৱা নেকি বাৰু? ধেৎ,নহয় নিজেই যেন শান্তনা লভে তাই) 

           প্ৰায় দুদিন মানৰ পাছত অংকুৰে মীনাক্ষীক ক'লে—
     —মীনাক্ষী, পৰীক্ষা কেতিয়া শেষ হ'ব তোমাৰ?
     —২৭ তাৰিখে,কিয় সুধিলা?
    — নহয় মানে তোমাক লগ পাবলৈ মন আছিল, বাৰু তুমি ৰিপ্তিকাৰ লগত কলেজৰ পৰা আহোতে ৰʼবা  অলপ লগ হ'ম আমি।
       —ঠিক আছে,ৰিপ্তিকাক কৈছিলা তুমি?
      — অ' কৈছোঁ তাইকো তোমাৰ সৈতে আহিবলৈ।আহিবা দেই, মোৰ পৰীক্ষা নাই  বন্ধ বাৰু।।
        —যাম ,যাম,,
       —ঠিক আছে।।
 
মীনাক্ষীয়ে লগা লগ ৰিপ্তিকালৈ মেচেজ দি শুধিলে—
  —ঐ,ৰিপ্তিকা শুনাচোন,সি মোক লগ কৰিবলৈ মাতিছে আৰু লগত তোমাকো যাবলৈ কৈছে,ওলাবা আকৌ!
   —অহ্, কিমান তাৰিখে ঔ সোণজনী?
   —২৭ তাৰিখে,কিয় নোৱাৰিবা নেকি ঔ?
   — অ,বেয়া নাপাবা দেই মোৰ আকৌ পৰীক্ষা ২৯ তাৰিখে হে আছে, তোমালোক দুয়োটাই লগ ধৰিবা বুইছা অলপ কথাও আলোচনা কৰিব পাৰিবা,,
      —হেই, মোৰ অকলে লাজ লাগিব অ'। কি পাতিম বাৰু।।
      —একো নহয় তালৈ লাজ নকৰিবা,হেৰী নহয় মীনাক্ষী, কেনেকুৱা লাগিছে মোৰ দাদাৰ লগত কথা পাতি?
     — ভালেই,সি বহুত ভাল ল'ৰা আৰু ইমান নম্ৰ,ইমাৰ সৰল মোৰ সৈতে।।
    —ৱাহ্, সি মোক কি কৈছে যানা‌ তোমাৰ কথা?
            
                      আগলৈ,,,,

✍️ ময়ুৰী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)