ছাঁ

©Admin
1
মই তোমাৰ কাষতে আছো !
তুমি মোৰেই অংশ
তোমাৰ সুখত বা দুখত,
জন্মৰ সময় ধৰি,
মৃত্যুৰ আগ মূহুৰ্ত লৈকে
ময়েই তোমাৰ সংগী।
তোমাৰ প্ৰতিটো শব্দত মই,
তোমাৰ প্ৰত্যেকটো নীৰৱতাত মই,
যেতিয়া তুমি ভাবিবা,
তুমি অকলশৰিয়া°°°°
মই আহি থিয় দিম তোমাৰ সানিদ্ব্য হয়।
তোমাৰ প্ৰতিটো খোজত মইয়েই আছো,
পূৱাৰ কোমল বেলিটিলৈ তুমি যেতিয়াচাই ৰ'বা ,
 মই আহিম তোমাক সংগ দিবলৈ ।
দূপৰৰ ঘণ বা চেকচেকীয়া ৰ'দত ,
ক্ষণতেকৰ বাবে মৌন হয় ৰ'বা
তুমি মোকই পাবা।
কিয় জানা নে?
কাৰন তুমি মোৰেই অংশ,
কাৰন, মই তোমাৰ ছাঁ ৷৷


📝জাচিংফা গগৈ
জিলা- তিনিচুকীয়া

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment