দেউতা

©Admin
0


  তুমি মোক আন্ধাৰত দিয়া
     এমুঠি পোহৰ,
        তাতেই মোৰ জীৱিত
            ৰং সপোনৰ ।


দেউতা,
    তোমাৰ নামেৰে পৰিচিত
       মোৰ জীৱন ,
          তোমাৰ বাবেই গুছে মোৰ
             ভোক পেটৰ ।


দেউতা,
   তুমি কৰা হাতেৰে 
       কঠোৰ শ্ৰম ,
         মোৰ বাবেই পেলোৱা তুমি
             মাটিত দেহৰ ঘাম ।


দেউতা,
   তোমাৰ বুকুত ৰাখা
      গোপণ দুখ ,
        তথাপি আমাক দিব খোজা
           জীৱনৰ সুখ ।


দেউতা,
   তুমি মহান মানৱ
     আমাক ৰাখা সুখত ,
        তুমিয়েই দিয়া সাহস 
           আগুৱাবলৈ জীৱনত ।


📝শ্ৰীমতী ৰিমকি চুতীয়া 
ধেমাজি,চিচিবৰগাওঁ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)