আমাৰ গাওঁ আমাৰ চহৰঃ দেৰগাঁও

©Admin
0
গোলাঘাট জিলাত অৱস্থিত এখন সৰু চহৰ দেৰগাঁও। জন্ম নহলেও এইখন প্ৰাকৃতিক বৈশ্যম্য তথা অতিহ্য মণ্ডিত চহৰত উমলী যামলি শিক্ষাৰ জীৱন সমাপ্ত কৰিলোঁ। এই সৰু চহৰখনৰ মাজ মজিয়াত পণ্ডিত হেমচন্দ্ৰ পথ অৱস্থিত।এখন অসম প্ৰসিদ্ধ মহাবিদ্যালয় দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আৰু নেঘেৰিটিংৰ তিহ্যমণ্ডিত শিৱ দ'ল, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ (PTC, BTC),খনিকৰ পুথি নামঘৰ , এইয়া আমাৰ গৌৰৱ।এই সৰু চহৰ খনতেই চৈয়দ আব্দুল মালিক দেৱৰ জন্ম হৈছিল আৰু শিকাই গ'ল ..'হিন্দু কি মুছলমান একে আল্লা সব মান মোৰ মনত হীন  ভাব নাই '  এইয়াই মোৰ বাৰেৰহনীয়া দেৰগাঁও পবিত্ৰ ভূমি।
ইয়াৰ উপৰিও নেঘেৰিটিং পাৰহৈ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৫ কি.মি. দূৰত্বত এখন মডেল হস্পিতেল আছে। দেৰগাঁওৰ পৰা 4কি.মি. দূৰত্বত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এখন চুপাৰ মাৰ্কেট নিৰ্মাণ কৰা হৈছে।দেৰগাঁও টাউনৰ ভিতৰতে অসমৰ প্ৰতিষ্ঠিত নৃত্যাঞ্জলি কলা কেন্দ্ৰ নামেৰে এখন নৃত্য বিদ্যালয় আছে। আৰু শেষত পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাষত বাপুজি মন্দিৰ নামেৰে এটা অনুষ্ঠান আছে য'ত পূজা , নাটক আদি অনুষ্ঠান আয়োজন কৰা হয়।

📝ববিতা শইকীয়া
 দেৰগাঁও 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)