জুই জ্বলিছে জুই,
খাদ্যৰ বজাৰত জুই,
তেলৰ বজাৰত জুই,
ভোকাতুৰ পেটবোৰত জুই,
সাধাৰণ জনতাৰ মনত জুই,
চকুবোৰ খঙত জুই,
নিথৰ দেহত চিতাৰ জুই,
সকলোতে মাথো জুই,
অথচ নুমুওৱাৰ শক্তি নাই এই জুই,
ভস্মাসুৰ ৰূপী ভাইৰাছে
এই যেন সকলোকে দিব চুই,
সকলো পৰিব চিৰনিদ্ৰাত শুই,
দিবনে কোনোবাই
এটি আশাৰ পুলি ৰুই,
খেতিয়কে পথাৰত ৰুব পাৰিবনে ভূঁই,
চৰিব পাৰিবনে মুকলিত গুঁই!
✍বিজয় লক্ষ্মী বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ