সিহঁত জীয়াই আছে এনেকৈ

©Admin
0
সিহঁতকো লাগে এমুঠি অন্ন
সিহঁতেও জীয়াই থাকিব বিচাৰে
জনাকীৰ্ণ পৃথিৱীত ৷

সিহঁতে দৌৰি ফুৰে ভোকৰ তাড়নাত
এঠাইৰপৰা এঠাইলৈ !

সিহঁতে বুজি নাপায় জীৱন মানে কি
সিহঁতে নাজানে মৃত্যুৰ মানে কি
সিহঁতক প্ৰেম কি সুধিলে
আপোনাক কব
গছৰ তল নাইবা মুকলি আকাশখনৰ কথা 
য’ত সিহঁতৰ উশাহবোৰে জিৰণি ৰয়
সিহঁতক নিষ্ঠুৰতাৰ কথা সুধিলে
আপোনাক কব
শীত নাইবা বৰষুণৰ কথা 
যিয়েই সিহঁতৰ নগ্ন শৰীৰত অত্যাচাৰ কৰে ৷

সিহঁতে মানুহক কোনোদিনে বেয়াকৈ নকয়
কাৰণ মানুহে পেলাই দিয়া খাদ্য বস্তু
সিহঁতৰ আহাৰ
মানুহ সিহঁতৰ বাবে ভগৱান
মানুহৰ ককৰ্থনা সিহঁতৰ আৰ্শীবাদ ৷

সিহঁত জী আছে 
সিহঁত জীয়াই আছে
এনেকৈ  
এখন সংকীৰ্ণ পৃথিৱীত ৷

সিহঁত অঘৰী
আধুনিক মানুহৰ দস্তাৱেজৰ
এক কলংকিত অধ্যায় ৷

 ✍️ জিতেন চেতিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)