গহপুৰ

©Admin
0
কনকলতা,ৰামপতি,মুকুন্দ কাকতি
তোমালোকৰ জয় গান গাওঁ আমি।
নিজৰ বুকু পাতি ৰাখিলা দেশৰ মান
তোমালোকক জানে সবে বীৰ শ্বহীদ বুলি।
গহপুৰত অৱস্থিত ঐতিহ্য পুখুৰী 
যাৰ নামেই পৰিচয় বৰপুখুৰী
সৰু ডাঙৰ মাছ-কাছ আছে যে তাতে ভৰী।
যেন এক প্ৰাকৃতিক মনোমোহা দৃশ্য।

ভোলাগুৰি চাহবাগিছাত জন্ম
প্ৰথম অসমীয়া বোলছবিৰ 
জন্মদাতা 
জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ।
কল্যানী দেৱাল নামেৰে যাৰ পৰিচয় 
বৰঙাবাৰীত তাৰ অৱস্থিত হয়।
যত লক্ষ্য লক্ষ্য ভক্তৰ সমাগমহয়।
মই গৌৰৱ কৰোঁ মই এজন গহপুৰীয়ান
যে আমাৰো গাত শ্বহীদৰ তেজ আছে
গহপুৰৰ নাম উজ্জ্বল কৰা কনকলতা বৰুৱা
যাক কোৱা হয় ফ্ৰীডম ফাইটাৰ।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)