তুমি আৰু মই

©Admin
0
আজি বহুদিনে হল
আমি ইজনে সিজনক নেদেখা
চকুত চকু থৈ হাজাৰ সপোন সিঁচা 
তথাপি অনুভৱ বোৰ কমি যোৱা নাই ৷
এই যে মৰম নামৰ সাগৰখনত
দুয়ো একেলগে উটি ভাঁহি ফুৰা,
ঢৌ বোৰে খুন্দা মাৰি হেতালি খেলা ৷
তাকে চাই আমি দুয়ো মিচিক-মাচাক কৰা!
আহ আৰু যে কত কি!!
আকৌ,
মন যায় 
তুমি যচা মৰম বোৰ
এবাৰ হাতেৰে চুই চাবলৈ!!!
মোৰ অনুভবী হিয়াত ৰং সানিবলৈ !!
আজি দেখোন বহু দিনে হল ৷


✍️পূজা নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)