আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
ৰঙাচকুযুৰিয়ে সেই সময়ত মোক ভয় লগাব পৰা নাছিল ৷ ক্ৰমান্বয়ে বুকুত এডুঙা সাহস গোটাইছিলো আৰু S.I ছাৰৰ চকুলৈ চকু থৈ মই কবলৈ ধৰিছিলো...
- ছাৰ মই ৰাগিনী চলিহা ৷
- মই আপোনাৰ পৰিচয় সুধিছো নেকি?
- শিষ্টাচাৰ নজনাৰ,ব্যৱহাৰ নজনাৰ দোষত মোক আপুনি লকাপত সোমাই ৰখাৰ ভয়তহে নিজৰ পৰিচয় আপোনাক দিছো ৷
- যি ক'বলৈ আছে ডাইৰেক্ট ডাইৰেক্ট কৈ যাওঁক, নহ'লে মোৰ হাতত সময় নাই ৷
- যেতিয়া পুনেৰ বিখ্যাত সুৰা ব্যৱসায়ীয়ে ৰাতি বাৰ বজাত আপোনাক সুৰাপাণ কৰাবলৈ আহে তেতিয়া চাগে আপোনাৰ হাতত সীমাহীন সময় নহয় জানো?
- টোপনিৰ জালত আছো বাবেহে এতিয়া লৈকে একো কৰা নাই, নহ'লে তোমাৰ দৰে ছোৱালী আমাৰ থানালৈ এইৰাতিখন আহি সুদা হাতে ওলতাই পঠোৱাৰ হয়তো আমাৰ ৰেকৰ্ড নাই নে কি কয় হাবিলডাৰ ৷
কিছুসময় পুলিচবোৰৰ অতহাস্য আৰু মোৰ মৌনতাই চাঙি ধৰে ....
তাৰ পিছত...
- মোৰ ভিনিদেউ অংকুৰ নিবিৰ চৌধুৰী আৰু মোৰ বাইদেউ তেজস্বিনী চৌধুৰী ৷
- আৰু মই কোন আপুনি জানে? এই ৰাজ্যৰ আটাইতকৈ ভয়ংকৰ ৰাক্ষ্যস ৷
- আপুনি ৰাক্ষ্যসেই হওঁক বা দেৱতা মোৰ জনাৰ প্ৰয়োজন নাই, জনাৰ প্ৰয়োজন সেইদিনা উপলব্ধি কৰিম যিদিনা আপোনালোকৰ সত্যতা গোটেই জগতত দেখুৱাব পাৰিম ৷
- (অশ্লীল কেইটিমান শব্দ)
- আজি পুৱা দহমান বজাত তেজস্বিনীৰ লগত মোৰ ফোনত কথা হৈছিল ৷ যিজনী ছোৱালীৰ সৰুৰে পৰা ০% ও হাৰ্টৰ প্ৰবলেম নাই সেইজনী ছোৱালীৰ কেনেকৈ হাৰ্ট এটেক আহি মৃত্যু হ'ব পাৰে ছাৰ ৷ ছাৰ আপুনি কিবা এটা কৰক ৷ মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে সেয়া অংকুৰৰ আৰু সিঁহতৰ ঘৰৰ মানুহৰ সুপৰিকল্পিত হত্যাকাণ্ড ৷
- থওঁক হে, বৰ লেকচাৰ মাৰে হে আপুনি ৷ আপুনি কি জানে, আজিৰ দুনিয়াত কাৰ কেতিয়া কি প্ৰবলেম হৈ সিপুৰিলৈ আগমন হয় কোনে জানে ৷
- মই জানোঁ ছাৰ ৷ কিয়নো মই এগৰাকী ডাক্টৰ হয়, মই বুজি পাওঁ কিছুমান কায়দা, জীৱনত বহুত ৰোগী চালোঁ, বহুতক লগ পাইছো সিমানখিনি জনাৰ সামৰ্থ আমুকিৰ নথকা নহয় ৷
হয়তো মই ডাক্টৰ বুলি গম পোৱাৰ পিছত অলপ হ'লেও S.I ছাৰৰ মুখৰ বৰণ সলনি হৈছিল ৷ চকুবোৰত তীব্ৰ শীত নামি সৰু হৈ পৰিছিল, কপালত চিন্তাৰ সীমাৰেখা ৷ ওঁঠখনত নিৰ্ভয়তাৰ অভাৱতে হয়তো দাঁতবোৰে প্ৰচণ্ড আঘাট কৰিছিল৷
- প্ৰায় দুপৰীয়া দুইমান বজাত মোৰ ওচৰলৈ আহিছিল অংকুৰ চৌধুৰী ৷ গণেশ মন্দিৰলৈ গৈ আছিল আপোনাৰ বাইদেউ তেজস্বিনী চৌধুৰী আৰু অংকুৰ চৌধুৰী ৷ সেই বোলে মন্দিৰৰ পৰা ঘূৰি আহোতেই আধাবাটতে তেজস্বিনী চৌধুৰীৰ হাৰ্ট এটেক আহিল আৰু লগে লগে পাতিল নাৰ্চিং হোমত ভৰ্তি কৰিলে ৷
- বুজিলো সকলো আৰু তাতেই অংকুৰে তেস্বিনীক হত্যা কৰিলে ৷ আপুনালোকে এতিয়া অনুসন্ধান কৰি দিয়ক যে তেজস্বিনী চৌধুৰীক অংকুৰ নিবিৰ চৌধুৰীয়ে টেটু চেপি হত্যা কৰিল নে বিষ খোৱাই হত্যা কৰিলে ৷ মোৰ এজেহাৰ এতিয়াই আপুনি গ্ৰহণ কৰিব লাগিব ছাৰ ৷
- নোৱাৰো ৷
- কিয়?
- কিয়নো উপযুক্ত ডেথ চাৰ্টিৰিকেট প্ৰমাণ স্বৰূপে মোৰ ওচৰলৈ আনিছিল আৰু ময়ে আকস্মিক দুৰ্ঘটনাত মৃত্যু হৈছে বুলি স্পষ্টীকৰণ দিছিলো ৷
- আপুনি পৰীক্ষা কৰিছিলনে সেই ডেথ চাৰ্টিপিকেটখন কিমানদূৰ সত্য?
- আইনে সদায় প্ৰমাণ বিচাৰে, প্ৰমাণৰ আধাৰতেই সকলো সিদ্ধান্ত লোৱা হয় ৷ আৰু মেডাম আপুনি হব পাৰে ডাক্টৰ মইএ কিন্তু পুলিচ, আইন নজনাকৈ মোক চৰকাৰে পুলিচ হিচাপে ৰখা নাই ৷
- হয় ছাৰ ঠিকেই কৈছে আপুনি ৷ মোৰ পুতৌ উপজিছে চৰকাৰখনলৈ ৷ কিমান যে দুৰ্ভাগ্য দেশৰ দেশত এনেকিছুমান মানুহৰ জন্ম হ'ল যিবোৰ এচাম ঘোচখোৰ,দুৰ্নীতিগ্ৰস্ত যিবোৰে পদবী লাভৰ বাবে সকলে কৰিব পাৰে কিন্তু চৰকাৰে বুজিবই পৰা নাই দিনক দিনে অজানিতে কিছুমান জাৱৰ,অপদাৰ্থলোকক হে নিয়োজিত কৰিছে ৷ আজি আপোনালোকৰ দৰে নিজৰ কৰ্তব্যবিমুখ স্বভাৱত জৰ্জ্জৰিত ভাৰতে হেৰাই গৈছে হাজাৰ জনী তেজস্বিনী, ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে শত সহস্ৰ তেজস্বিনী ৷ বাহঃ ছাৰ... চালাম আপোনাক ৷ আপুনি আইনৰ মানুহ হৈ সিমানখিনি নিশ্চয় জানিব লাগিছিল যে , আপুনি অংকুৰ নিবিৰ চৌধুৰীক আকষ্মিকভাৱে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰমাণপত্ৰৰ ভিত্তিত সেই মৃত শৰীৰৰ পষ্টমৰ্টন হোৱাটো বাধ্যতামূলক আছিল ৷ যিটো আপুনি সৰ্বজ্ঞ ব্যক্তিত্বৰ অধিকাৰী হৈও নকৰিলে কিয় ছাৰ? উত্তৰ দিয়ক মোক ৷
সেইদিনা S.I. ছাৰৰ মৌনতাই বহু কথা কৈছিল ৷ চাৰিওফালে থকা দুৱাৰবোৰ এখন এখনকৈ বন্ধ হৈ পৰিছিল ৷ ইফালে তেজস্বিনীক চিতাত জুঁই দিবলৈ অংকুৰ সজ্জ হৈ পৰিছিল ৷
▪▪▪▪▪▪▪▪
যেতিয়াৰ পৰাই তাই নদীখন সাঁতুৰি ইপাৰ-সিপাৰ কৰিব পৰা হ'ল, যেতিয়াৰ পৰা তাই লাগীডাল চম্ভালিব পৰা হবল দেউতাৰ বিশ্বাস হ'ল - তাই নাওঁখনো চম্ভালিব পাৰিব ৷ দেউতাই তাইক নদীখনৰ লগত বিয়া কৰাই দিলে আৰু ক'লে নদীখন যিদৰে নিজৰ মতে নিৰ্বাচন কৰিলি তেনেকৈয়ে আজিৰ পৰা তোক নদীখনক গতালো ৷ সেইনদীখনৰ সোঁতবোৰ একা-চেকা আছিল ৷ প্ৰথমতে নদীখন দ আছিল পানীৰ কি সুললিত গতি, দিনক দিনে নদীখন বাম হৈ ওখোৰা মোখোৰা হবলৈ ধৰিলে আৰু তাই হাতে-ভৰিয়ে দুখ পাবলৈ ধৰিলে ৷ কেতিয়াবা বাঁহৰ আচাৰি কোতিয়াবা গৰম লোহা ৷ দুজনী সাধু শুনি ভাল পোৱা পৰী আছিল তাইৰ ৷ নদীৰ সোঁতবোৰ সিঁহতে বুজিব পৰা নাছিল, লাহে লাহে নদীৰ বুকুত ভুঁইকপ আহিব ধৰিলে আৰু পৰী দুজনী পৰীৰ সাধুৰ পৰা আঁতৰি আহিবলৈ ধৰিলে ৷
( উটি যাম কিয় মই, নদীখনৰ বুকুখন দ কৰিব পাৰিলেই মোৰ চকুৰপতা শুকাব ৷ মোৰ ইমান ওজন কমনে? খেকাৰ গিলা মানুহজনী অংকুৰৰ মাক - তেজস্বিনী )
▪▪▪▪▪▪▪▪▪
ডেঠ চাৰ্টিপিকেটৰ অবিহনে ৰাজহুৱা শ্মসানত কাৰো মৃতদেহ সৎকাৰ কৰিব নোৱাৰে ৷ এই কথা হয়তো মইও জানোঁ আৰু হয়তে অংকুৰেও ৷ এতিয়া তেদস্বিনীৰ মৃতদেহক সৎকাৰ কৰাৰ পৰা ৰক্ষা কৰিবলৈ কি উপায় আছিল মোৰ হাতত? হয়তো মোৰ প্ৰতিজ্ঞা বিফল হৈ ৰ'ব? নাই ... নহয় ...
পষ্টমৰ্টন হবই লাগিব ৷ ( আগলৈ)
🖋️দিব্যজ্যোতি ৰাজখোৱা,দেৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ