তুমি নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিলো

©Admin
0
হয়তো তোমাক ভাল পোৱাৰ বাবেই ছাগে
তুমি নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিলো।
তুমি হাঁহিলে তোমাৰ পিম্পল উঠা গাল দুখনিক লৈ
মই সপোন ৰঁচো সযতনে।
তুমি বিহীনতাত অকলশৰে

তুমি জানো জানা মোৰ ভাল লগা কি,ভাল পোৱাৰ দিশ কি?
তুমিটো নাজানা সেইবোৰ?

যদিও তুমি নাজানা তোমাক ভাল পোৱাৰ কথা
তুমি নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিলো।

সেই বুলি তোমাক ভাল পোৱাৰ কথা ক'বই লাগিব তোমাক।
সেইয়া অনুভৱো নকৰিলো কোনোদিনে।

তুমি মোক ভাল পাব লাগিবই
সেইয়া যুক্তিসংগত নহয়
মোৰ অনুমানত।

তথাপিও তুমি নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিলো।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)