ৰ'দত শুকাই ডিঙিৰ নলি
ফাটে গা চিৰা চিৰি
জ্বলি-পুৰি যায় দেহা
মনত লৈ বহুত আশা ।
বৰষুণত তিতি ভাহি
দেহ যায় শুতোৰা পৰি
শিতল হৈ দেহা যায়
বেমাৰত থাকে চটফটাই ।
যতে ততে ঘুৰি ফুৰে
মনত অশান্তিয়ে ভৰি থাকে
কতনো পাম মনৰ ভাৱ
স্থায়ি জীৱনৰ মাতৃ ভূমি ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
( ধেমাজি, চিচিবৰগাওঁ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ