ৰিক্ততা

©Admin
0


ক্ৰমাৎ যেন ৰিক্ততা বাঢ়ি অ‍াহিছে হৃদয়ৰ!
তোমাৰ অজুহাতৰ চাকনৈয়াত পাক-ঘূৰনী খাইছে মগজুৱে।
হৃদয়খন বাৰু এনেও বৰ আকঁলুৱা, নুবুজে দুনীয়াৰ মায়া॥
 কিন্তু নুসুধিবা দুনাই কিহৰ এই ৰিক্ততা!!
পাৰিলে চকুযুৰিলে এবাৰ চাবা চোন,
বুজিৱ‍া তেতিয়া, ক্ৰমাৎ শেতাঁ পৰিব ধৰা অনুভৱবোৰৰ কথকতা...!
পাৰা যদি  অনুভৱৰ উত্তাপে ওমাই 
যাবাহিচোন ৰিক্ততাৰ আৱেষ্টনী।
কেনেৱাকৈ জীপাল হয়েই বা সম্পৰ্কৰ এনাজৰী...!
আকৌ কওঁ, 
তুমি নুসুধিবা কিহৰ অভাৱত মোৰ এই প্ৰলাপ??
মাথে‍াঁ পাৰা যদি এবাৰ আহি শুনি যাবাহি 
ৰিক্ত হৃদয়ৰ বিলাপ...

                          
  📝বৰ্ণালী বৰগোহাঁই
     লখিমপুৰ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)