সিহঁতৰ তেজ ৰঙা হয় জানো

©Admin
0
আক্ষেপ ধৰিত্ৰীৰ ওপৰত ।
প্ৰক্ষেপ কিয় ?
যদিহে পালিবই নোৱাৰা ?
নে ৰং চাইচা ?

মনুষ্যৰ নিৰবিচ্ছিন্ন আগমণ
অশিক্ষিত  কলিজাবােৰৰ,
স্ব -ৰক্ষাৰ মন্ত্ৰোচ্চাৰণত ব্যৰ্থ
তেওঁলোক  ।

অশিক্ষিত কলিজাবােৰৰ
অবাধ গতি ।
দুৰ্নীতি, দুৰাচাৰ, হত্যা, লুন্থন
ঠগ, প্ৰৱঞ্চনা , অত্যাচাৰ
হাতৰ মুঠিত লয় ।
নিশাহত সিহঁতৰ
কটুবাক্য বাগৰে ।

সেই নিশাহে
কলুষিত কৰিছে
ধৰিত্ৰী তোমাক ,
তুমি মিছাতে
প্ৰক্ষেপ কৰিছা
দুষ্ট কলিজাবােৰ ,
সিহঁতৰ তেজ
ৰঙা হয় জানাে ?
মোৰ সন্দেহ ৷

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)