যোৱা সংখ্যাৰ পিছৰ পৰা
অসমীয়া গ্রাম্য সমাজৰ প্রতিগৰাকী ব্যক্তিয়েই চোতালৰ আৱশ্যকতাৰ কথা নুই কৰব নোৱাৰে ৷ কৃষিৰ লগত জড়িত মাটিৰ মানুহখিনি চোতালৰ লগত নিবিড়ি ভাবে জড়িত ৷ আঘোণৰ সোণালী লখিমীক পথাৰৰ পৰা দাই আনি যেতিয়া চোতালত ৰাখি থয় তেতিয়া শাওনীয়া ৰ'দৰ শ্রমৰ কথা পাহৰি যায় ৷ নৰাৰ পৰা ধান পৃথক কৰিবৰ বাবে মৰনা মাৰি গৰুৰ পিছে পিছে ঘুৰি ফুৰা আনন্দকনটো এই চোতালৰ পৰাই ল'ব পাৰি | বিজ্ঞান প্রযুক্তিৰ উন্নতি আৰু আমাৰ মনৰ সংকুচিত পৰিবেশে আমাক বাৰু তাৰ পৰা বঞ্চিত কৰা নাইনে ? আধুনিকতাৰ নামত আমাৰ কৌটিকলীয়া আচাৰ নীতি ব্যৱহাৰ ত্যাগ কৰি কলৈ যে ধাপলি মেলেছো জানো ?
ব'হাগ আমাৰ বাপটি সাহোন | ব'হাগক বাদ দি আমাৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি | বৱহাগ বিহুৰ অন্যতম উপাদান হুঁচৰী ৷ এই ব'হাগতে অসমীয়া মানুহৰ ঘৰে ঘৰে গৈ হুচৰী গোৱাৰ পৰম্পৰা আছে | হুচৰীৰ দ'ল গৈ চোতালত ঘূৰণীয়াকৈ থিয় হৈ জয় ৰে হৰি বোলা, জয়ৰে ৰাম বোলা বুলি আৰম্ভ কৰি হুচৰী আৰম্ভ কৰা সেই দৃশ্য উপভোগ কৰি লাভ কৰা আনন্দ আমি কৰা সৈতে ৰিজাব পাৰিম ৷ ইয়াৰ বাবে কাক জগৰীয়া কৰিম আগতে যৌথ পৰিয়াল আছিল চোতাল ডাঙৰ আছিল সেই যৌথ পৰিয়াল ভাঙি একক পৰিয়াল হোৱাত আমাৰো চোতালবোৰ সংকুচিত
হ'ল ৷সংকুচিত হ'ল আমাৰ মনৰ পৰিধি | তেনে সংকুচিত মনৰ মনৰ পৰিধিৰে কথাবোৰ কিজানি সংকুচিত ভাবে ভাবিবলৈ ধৰিলো ৷ সময়ৰ দোহাই দি আমি কেৱল নিজৰ চিন্তাত নিমগ্ন থাকোতে একেলগে বহিবলৈ , মনৰ কথা পাতিবলৈ , একেলগে এসাজ খাবলৈ আমাৰ আহৰিয়েই নেহোৱা হ'ল ৷ আজিও মনত পৰে ৰিণি ৰিণি কেনেকৈ আঘোণ আহে পথাৰৰ ডাঙৰী খেতিয়কৰ কান্ধত উঠি নাচি নাচি ঘৰলৈ আহে | মৰনা মৰাৰ পাছত কেনেকৈ আইতা মাহঁতে সিজোৱা ধান চোতালত মেলি দি কাউৰী খেদিবলৈ দিছিল ৷ কাউৰীয়ে সিজোৱা ধান খায় সেইবাবে ৷ এতিয়া চোতালো নাই কাউৰীও নাই ৷
আগলৈ••
📝হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ