তোৰ বাবেই
এৰি থৈ আহিছো
মোৰ চিনাকি নদীৰ ঘাট,
এৰি থৈ আহিছো
বৰ্ণিল সময়ৰ স্বৰ্ণিল ইতিহাস।
সৃষ্টি হৈছে বহুত সংঘাত,
উজুটিয়াই আহিছো বহু
সপোনৰ দীঘলীয়া বাট
হেৰুৱাই পেলাইছো মই
বহু সু-গভীৰ সম্বন্ধৰ আঁত।
বুকুৰ শিলত ঠেঁকেছি
কলিজাৰ বিষাদ
সলাই পেলাইছো আজি,
কৌটিকলীয়া দুখৰ
পুৰাতন পোচাক।
মনত এক দুৰ্বাৰ হেঁপাহ
তোৰ বাবেই
তোৰ আঙুলিত ধৰি
আকৌ এবাৰ মই
উদিত সূৰুয চাম
গাম হৃদয় জুৰোৱা গান।
তোৰ বাবেই
আকৌ এবাৰ
তোৰ সাগৰত
নাওঁ মেলি চাম।।
📝প্ৰবীণ দত্ত
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ