জীৱনৰ সাধু-০১

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
  মই ৰাগিনী ৷ আজি আপোনালোক সকলোকে এটা সাধু কম৷ আপোনালোকে শুনিবনে? সমাজৰ সাধু,আমাৰ দুজনী ছোৱালীৰ জীৱনৰ সাধু৷ এই সাধুৰ ময়ে সূত্ৰধাৰ৷ তাক সাৱধানে দেখহ,শুনহ,নিৰন্তৰে হৰিবোল৷ হৰি ? কৃষ্ণ?  ৰাম?  মানে ভগৱান?  ভগৱান আছে জানোঁ, যদি থাকিল হয় তেন্তে এনে হ'লহেতেন জানোঁ? মোৰ শব্দবৰ ধূসৰ, আপোনালোকৰ সেয়া দায়িত্ব,নিশ্চিতভাৱে... মোৰ ধূসৰ শব্দবোৰত কিমান ৰঙ সানিব পাৰিব লাগিব৷
    এতিয়া আহক জীৱনৰ সাধু আৰম্ভ কৰোঁ৷ উভটি যাওঁ সেইদিনটোলৈ৷
 
   মূল কাহিনী- সৰুৰ পৰাই মা-দেউতাৰ মুখত সহজ সহজ লগা এটা শব্দ,সপোন সপোন লগা এটা শব্দ- "ডাক্টৰ", মোৰ ল'ৰাটো ডাক্টৰ হব, মোৰ ছোৱালীজনী ডাক্টৰ হব৷ কিমান সময়ৰ প্ৰয়োজন শব্দটো কৈ দিবলৈ, কিন্তু তাৰ পৰিসৰ? কিমান যে গভিৰ নহয়নে?  হয়তো বাস্তৱতাৰ সঠিক আৰু দৃশ্যমান ঈশ্বৰ যাৰ নাম থ'লো একান্তই স্বাধীন হৈ - ডাক্টৰ ৷
   জীৱনত মাত্ৰ দুজন ব্যক্তিয়েই আছে এক পুলিচ,যি আমাৰ নিৰাপত্তাত আহি পৰা বাধাৰ লগত বাহ্যিক সংগ্ৰাম কৰে আৰু দ্বিতীয়;ডাক্টৰ,যি প্ৰত্যেকৰে জীৱনক ৰক্ষা কৰি নিজৰ সৰ্বচ্চ সমাজৰ কল্যাণৰ বাবে এৰি দিয়ে৷ কিন্তু... যদি এই দুয়োজন ব্যক্তিৰ এজনে যদি আমাৰ হিতে বিপৰীতে গৈ আমি চকু মুদি এৰি দিয়া নিজৰ জীৱনটোক লৈ পুতলা নাচ খেলে তেতিয়া ... ? জীৱনৰ পুতলা নাচৰ কি পৰিণতি হব ?
   সেইদিনা মোৰ দৈনিক কৰ্তব্য শেষ কৰি ঘৰলৈ আহিবৰ বাবে নিজৰ যাৱতীয় বস্তুখিনি থান-ঠিত লগাইছিলোঁ৷ আবেলি ৪ বজালৈকে মোৰ ডিউটি আছিল৷ সেইদিনা বৰ বেছি পেচেণ্ট নাছিল,অইনদিনা হোৱা হ'লে ৪ বজালৈকে ডিউটি শেষ কৰি আহিবই নোৱাৰি৷সেইদিনা সোমবাৰ আছিল,সেয়ে পেচেণ্ট কম আছিল৷ সোমবাৰে আমাৰ চহৰ বন্ধ থাকে ৷ হঠাৎ মোৰ ফোনটো বাজি উঠিছিল৷ খুৰাই হঠাৎ এনেকৈ মোক ফোন কৰিছে৷ নিশ্চয় চিৰিয়াচ মেটাৰ৷ সময় নষ্ট নকৰি ফোনটো ৰিচিভ কৰিছিলো, খুৰাৰ কণ্ঠস্বৰ প্ৰায় জ্বলি শেষ হোৱা জুঁইৰ তীখাৰ সমান হৈছিল...
   - " ৰাগিনী, তেজস্বিনীৰ হাৰ্ট এটেক আহিল, তই সোনকালে ঘৰলৈ আহ ৷"
       হঠাৎ অহা ফোনকলটোৰ মাত্ৰ এশাৰী বাক্যই বহু কথা কৈ পেলাইছিল৷ লৰালৰিকৈ স্কুটী ষ্টাৰ্ট দি ঘৰলৈ বুলি ৰাওনা হৈছিলো ৷ সেইদিনা মোৰ সহকৰ্মী নিষিকেশকো ক'বলৈ ঠাৱনি নাপালোঁ ৷ এখন হাতেৰে স্কুটীৰ হেণ্ডেল ধৰি আনখন হাতেৰে বাৰে বাৰে অংকুৰলৈ ফোন লগাইছিলো ৷ অংকুৰে মোৰ ফোনৰ কোনো উত্তৰ দিয়া নাছিল ৷ ক্ৰমান্বয়ে মোৰ মনটো অশান্ত হৈ পৰিছিল ৷ প্ৰায় ২ ঘণ্টা সময় লাগিছিল সেইদিনা ঘৰ পাওঁতে, ৬ বাজি গৈছিল ৷ ততাতৈয়াকৈ ঘৰৰ পদূলীত দীঘলীয়া একেৰাহে পাঁচটামান হৰ্ন মাৰিছিলোঁ ৷ খুৰা ওলাই আহি মোৰ পিছত বহিল আৰু দুয়ো ৰাতিৰ আন্ধাৰত কেঁচা বাটৰ মাজেৰে তেজস্বিনীৰ ঘৰলৈ বুলি বাট লৈছিলো৷
  মহাৰাষ্ট্ৰৰ নিমনগৰ অঞ্চলত মোৰ ঘৰ৷ এক ভিতৰুৱা গাওঁ, য'ত উচ্চ শিক্ষা বা চাকৰিৰ বাবে কোনো সা-সুবিধা নাই৷ বহু লোক বৰ্তমান আমাৰ গাওঁৰ পৰা চহৰলৈ গৈ ডাঙৰ মানুহ হৈছে, উচ্চ ডিগ্ৰীধাৰী হৈছে ৷ মইও পুনেত স্থিত মোৰ  ৰাজু খুৰাৰ ঘৰত সৰুৰেই পৰা থাকি,পঢ়া-শুনা কৰি বৰ্তমান "ডি-মিশ্বন" হস্পতালত চৰকাৰী ডাক্টৰ হিচাপে কৰ্মৰত হৈ আছো৷ তেজস্বিনী মোৰ বাইদেউ, আজি পাঁচটা বছৰৰ আগতে পুনেৰ এজন ব্যৱসায়ী অংকুৰ নিবিড়ৰ লগক বাইদেউৰ বিবাহ হৈছিল৷ 
    তেজস্বিনীৰ ঘৰত সেইদিনা কি হৈছিল? মোৰ আৰু খুৰাৰ সেইকণ সময়ত কি অৱস্থা হৈছিল?  এখোঁজ- দুখোঁজকৈ আগবাঢ়ি গৈছিলো৷ ....
 ( আগলৈ )

🖋️দিব্যজ্যোতি ৰাজখোৱা,দেৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)