নিয়তিৰ পৰিহাস

Rinku Rajowar
0
ফেঁহুজালি দিয়াৰ পৰাই ৰমলা আজি ব্যস্তহৈ আছে । আগফাল, পিছফালৰ চোতাল বাঢ়নিৰে জাৰুকৰি পৰিষ্কাৰ কৰি থৈছে । গোহালিৰ গৰু মুকলি কৰি চাফচিকুন কৰি অলপ ভাগৰ অনুভৱ কৰিলে । কিন্তু জিৰণি ল'বলৈ সময় নাই । আজি বহুত দিনৰ মুৰত আজি মহেন ঘৰলৈ আহিব । সেনাবাহিনীত চাকৰি কৰি মহেন সুদূৰ লাডাখ সীমান্তত আছে । যোৱা বছৰ ছুটিত আহোতে মহেনে মোবাইল এটা কিনি থৈ গৈছিল । এতিয়া সেইটোৰে মাজে মাজে কথা পাতিব পাৰে । বিয়াৰ পাছত এমাহলৈ একেলগে থাকিবলৈ পালে । আকৌ চাকৰিত যোগদান কৰিবলৈ গুচি গল । মহেনে পৰিষ্কাৰকৈ থাকি ভাল পায় । সেইকাৰণে ৰাতিপুৱাৰ পৰা এই প্ৰস্তুতি ।শাহুৱেক শুই উঠাই নাই । অলপ অসুখীয়া মানুহ গৰাকী । কিন্তু বৰ মৰমিয়াল ।‌ তাইক নিজৰ জীয়েকৰ দৰে মৰম কৰে । তাইৰ ননন্দ  এজনী, ছমাহ আগতে বিয়া দিলে । শহুৰেক ঢুকুৱা এতিয়া তিনি বছৰ হ'ল । ৰমলাৰ বিয়া হোৱা দুবছৰ হ'ল । মনত খুন্দা মাৰে জীয়ৰী কালৰ স্মৃতিয়ে । তাই চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল । দেউতাকে বাগানৰ মহৰী চাকৰি কৰিছিল। তাই ঘৰৰ সকলোতকৈ ডাঙৰ । দুজনী ভনীয়েক আৰু এটাই ভাইটিৰ সৈতে সুখী পৰিয়াল । বাগিচাৰ ঘৰ হ'লেও পাছফালৰ পৰিবেশ গাঁৱৰ ঘৰৰ সৈতে একেই । গোহালি, ছাগলীৰ গড়াল, হাঁহ, পাৰ, কুকুৰা, তাঁতশাল আদিৰে ভৰপূৰ এখন ঘৰ ।মাকৰ চাদৰ, মেখেলা অথবা গামোচাৰ এখন তাঁতশাল সদায় থাকেই । তাঁত ববলৈ, ফুল বাচিবলৈ তাই মাকৰ পৰাই শিকা ।‌ ৰ'দত শুকাই থোৱা ধানখিনি খুন্দিবলৈ উৰালটো উলিয়াই ল'লে । ধান খুন্দি থাকোঁতেই মনটো পুনৰ অতীতলৈ ঘূৰি গ'ল । ওচৰৰ মহাবিদ্যালয়ত বি এ পঢ়ি থাকোতেই দেউতাকে তাইৰ বিয়া ঠিক কৰে । বন্ধু এজনৰ লগত মহেনে তাইক চাবলৈ অহা মনত আছে । সুন্দৰ, সুঠাম চেহেৰাৰ মহেন । ৰমলাই তাক দেখি লগে লগেই পছন্দ কৰিছিল । সেনাবাহিনীত চাকৰি কৰিলেও কোমল অন্তৰৰ মৰমীয়াল ডেকা মহেন । বিয়াৰ পাছত মহেনৰ অনুপ্ৰেৰণাতে তাই আধা পঢ়া সম্পূৰ্ণ কৰি বি এ পৰীক্ষা পাচ কৰে । হঠাৎ শাহুৱেকৰ মাতত তাইৰ সম্বিত ঘূৰি আহে । উৰালটো সামৰি তাই গাই ধুই শাহুৱেকলৈ চাহ জলপান যোগাৰ কৰি বাৰান্দাৰ টেবুলত খাবলৈ দিলে । আগফালৰ বাৰান্দাত বহি পদূলিলৈ চাই থাকিল । এনেকুৱা সময়তে ওচৰৰ ৰে'ল ষ্টেচনত ৰেলখন আহি পোৱাৰ কথা । ৰেল ষ্টেচনলৈ ঘৰৰ পৰা আধা মাইল মান দূৰ । ৰিক্সাত আহিলে বেছিপৰ নালাগে । লাহে লাহে সময় বাগৰিল । মহেন আহি পোৱা নাই । তাইৰ  অলপ চিন্তা হ'ল । পাচ মুহুৰ্ত্বতে আকৌ ভাবিলে ৰেলখন লেট আছে সম্ভৱ । অলপ টোপনিৰ ভাৱ আহিল । হঠাৎ গাড়ীৰ হৰ্ন শুনি তাই থিয়হৈ ডিঙি মেলি চালে । দেখিলে দুখন মান সেনা বাহিনীৰ জীপ আৰু ট্ৰাক তাঁহাতৰ ঘৰলৈকে সোমাই আহিছে । জীপ গাড়ীৰ পৰা কেইজনমান সেনাবিষয়া নামি আহি এইটো মহেন বৰুৱাৰ ঘৰ নেকি শুধিলে । তাৰপাছত ট্ৰাকৰ পৰা জাতীয় পতাকাৰে মেৰিয়াই অনা দেহ এটা তাঁহাতৰ ঘৰৰ চোতালত ৰাখিলে । ফাগুনৰ বতাহ জাকে উৰোৱাই নিয়া পতাকাৰ তলত মহেনৰ নিৰ্জীৱ মুখখন দেখি ৰমলাই বিকট চিঞৰি মাৰি ঠাইতে ঢলি পৰিল ।

উপসংহাৰ: কিছুদিন পূৰ্বে লাডাখ সীমান্তত চীনা শত্ৰুৰ অতৰ্কিত আক্ৰমণত ভাৰতীয় সৈন্যৰ কেইবাজনো নিহত হয় । ছুটিলৈ ঘৰলৈ আহিবলৈ প্ৰস্তুত হোৱা মহেনৰ আৰু  ঘূৰি অহা নহ'ল । ৰমলাৰ কপাল উকাকৰি আৰু মাকৰ বুকু শুদা কৰি মহেন শ্বহীদ হৈ অনন্তধামলৈ গুচি গল ।

🖋️ডঃ মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)