ৰাভাসকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা-০৩

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা.....
         ধৰ্মীয় বিশ্বাস আৰু মাংগলীক ৰীতি-নীতি আৰু উলহ মালহেৰে সন্ধ্যাৰ আগে আগে পূজা সম্পন্ন কৰা হয় | লাঙা পূজাত কাৰে গুৰা , কল কুকুৰা প্রভৃতি প্রধান সম্ভাৰ | যথাসাধ্যে ৰাজহুৱা ভাবে আৰু ব্যক্তিগত ভাবে উক্ত সম্ভাৰ সমূহ লাঙা দেবতালৈ আগবঢ়োৱা হয় | ৰাইজৰ নিৰ্বাচিত দেউৰীৰ পৰিচালনাত যথাৰীতি পূজা কৰা হয় আৰু পূজাৰ অন্তত লাঙা দেবতালৈ আগবঢ়োৱা কল, কাৰেগুৰা (ভজা চাউলৰ গুৰি) প্রভৃতি সকলোৱে ভগাই খায় | ৰাইজে লাঙা দেৱতাক প্রৰ্থনা জনাই হৰিধ্বনি কৰে | পূজাৰ যাবতীয় কাম সমাপ্তিৰ পিছত গধুলি জাৰীঘোঁৰা লৈ গাঁও ফুৰা হয়  |
     জাৰীঘোঁৰা হৈছে কাঠ বাঁহেৰে সজা অটি ঘোঁৰাৰ প্রতিমূৰ্তি | বাঁহৰ কামিৰে ঘোঁৰাৰ শৰীৰটো আৰু কাঠেৰে ঘোঁৰাৰ মুৰটো তৈয়াৰ কৰা হয় | মূৰত দেও ছাগলীৰ শিং এজোৰ লগাই দিয়া হয় | জাৰীঘোঁৰা আৰু হানাঘোঁৰাতো অতি দুস্প্রাপ্য দেও ছাগলীৰ শিং এযোৰ লগাই আকৰ্ষণীয় , লগতে ভয়াবহ কৰি তোলা হয় | শিং দুটাত কুকুৰাৰ কণী খুচি দিয়া হয় | গাত ক'লা বগা কাপোৰেৰে  মেৰিয়াই পখৰা কৰি ধুনিয়াকৈ সজোৱা হয় | ঘোঁৰাটোৰ মধ্যত এটা ডাঙৰ বিন্ধা ৰখা হয়---যাতে তাত এজন মানুহ সোমাই মুকলি ভাবে নচুৱাব পাৰে | ঘোঁৰাৰ কপালত সাত ধাতুৰ দুমুখীয়া মাদলি এটা আঁৰি দিয়া হয় | ঘোঁৰাৰ চকু দুটা পিতলেৰে তৈয়াৰ কৰি যথাস্থানত লগাই দিয়া হয় | মুখমণ্ডল দেখিবলৈ ভয়াবহ হৈ উঠে | এইদৰে জাৰীঘোঁৰা তৈয়াৰ কৰা হয় | এই ঘোঁৰাক জাৰীঘোঁৰা বোলাৰ কাৰণ বিচাৰি পোৱা হোৱা নাই | 
     দিনত পূজা সমাপ্ত হোৱাৰ পিছত ৰাইজে প্রাৰ্থনা কৰি হৰিধ্বনি দিয়ে আৰু ৰাইজৰ মাজৰ পৰাই এজন উপযুক্ত বিবেচনা কৰা লোকৰ ওপৰত ঘোঁৰা নচুওৱাৰ দায়িত্ব অৰ্পণ কৰে | তেওঁক ঘোঁৰাৰ বাপ্ কে (বাপেক) বুলি কোৱা হয় | এইজনে গেটেই নিশা জাৰীঘোঁৰা নচুৱাই ফুৰে | অৱশ্যে গোটেই নিশা এইজনেই ঘোঁৰা নচুৱা সম্ভৱ নহয় | সেয়েহে অন্য ডেকাইও তেওঁৰ সহায়ক হিচাপে ঘোঁৰা নচুওৱাত অংশ গ্রহণ কৰে | গধুলিৰ আগে আগে গাঁৱৰ সামৰ্থবান লোকে নিজৰ ঘৰলৈ ঘোঁৰা নিমন্ত্রণ কৰে | আগলৈ.....

   📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)