যোৱা সংখ্যাৰ পিছৰ পৰা
আন এক জনবিশ্বাস মতে ৰাজাঢোল সৰ্বপ্রথমে দেৱালয় আৰু থানৰ প্রধান বাদ্য আছিল | দেৱালয়ত বা গোসাঁনীথানত তিথি , পূজা-পাৰ্বণ, প্রভিতিত নীতি নিয়ম অনুসৰি বিভিন্ন প্রকাৰৰ বাদ্য পৰিবেশন কৰাৰ দায়িত্ব আছিল ৰাজা ঢুলীয়াৰ | সেই সময়ত কেৱল দেৱবাদ্য হিচাপে ধৰ্মীয় স্থানতেই এই ঢোল বাদ্যৰ ব্যৱহাৰ অব্যাহত আছিল | বৰ্তমানেও দেখা যায় অন্য ঢুলীয়াবোৰেও কোনো ধৰ্মীয় অনুস্থানলৈ আহিয়েই জাগন বাদ্য বজাই আৰু ঢোল বাদ্য লৈ কৰবালৈ অহা-যোৱা কৰিলে , কোনো ধৰ্মীয় অনুস্থানৰ দাঁতিয়েদি গ'লে ঢুলীয়াই এনেয়ে সেই স্থানত কেইচেও মানকৈ হলেও ঢোল বজাইহে সেই ঠাই অতিক্ৰম কৰে | পূজা নানা উছব বিবাহ আদিত গলেও ঢুলীয়াই সেই স্থানত গৈয়েই এটা জাগন বাদ্য বজায় আৰু সম্পুৰ্ণ সময় ছোৱাৰ ভিতৰত কাৰ্য অনুসৰি বাদ্য বজোৱাৰ উপৰিও যাবৰ সময়ত আন এটি সামৰণি বাজানা বজায় | যি হওক থান দেৱালয়ৰ দেৱবাদ্যই সময়ৰ সোঁতত ৰাজকীয় মৰ্যাদা লাভ কৰি ৰজাৰ ঘৰত ঠাই পালে |
আন এটি কিংবদন্তী মতে জনা যায় যে এসময়ত বৰদুৱাৰ ৰাজ্য তথা বৰদুৱীৰ মৌজাৰ অন্তৰ্গত লোহাৰঘাটত সামাজিক প্রতিপত্তি থকা ,ধনী সমৃদ্ধিশালী লোক এজনে বসবাস কৰিছিল | তেওঁৰ নাম আছিল হেনো নিমাই সদাগৰ | তেওঁ ৰাভা সম্প্ৰদায়ৰ লোক আছিল | তেওঁ হেনো বৰ্তমানে মদনমোহন মাটিফুটা দেৱালয় থকা থানত মহাপোয়োভৰেৰে নিজাববীয়াকৈ বৰমান্নীৰ পূজা কৰিছিল | দৌল উছবত বিস্তৃত ভাৱে উলহ মালহেৰে উদ্ যাপন কৰা হৈছিল | এইজনা সদাগৰেও ৰাজা ঢুলীয়াৰ পৃষ্ট পোষকতা কৰিছিল | আগৰ ৰজাৰ বাহৰত বা ৰাজগৃহত যথানিয়মে ৰাজা ঢোল বজোৱাৰ নিচিনাকৈ ৰাজাঢুলীয়াৰ দলে নিমাইসদাগৰৰ ঘৰতো ৰাজাঢোল বজাইছিল আৰু তেওঁৰ ইচ্ছা আৰু পৰিচালনাত অনুষ্ঠিত বৰমান্নীৰ পূজাত আৰু দৌল উচবত ধৰ্মীয় ৰীতি নীতিৰে ৰাজাঢোল বজাইছিল | আগলৈ•••
📝হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ