মোৰ লগত অহা ছোৱালীজনীয়ে দৰজাখনত টুকুৰিয়ালে।অলপ সময়ৰ পিছত এজনী ছোৱালীয়ে দৰজাখন খুলি দিলে। :এইয়া তোৰ ৰুমমেট আহি গ'ল।মই যাওঁ।প্ৰে' হ'লত কামত লাগি আছো অলপ।মেঘনা যাওঁ দেই।বস্তুবোৰ চিজিল কৰি লোৱা তোমালোকে - এই বুলি কৈ খৰধৰ কৈ ছোৱালীজনী গ'লগৈ।
:আহক খুৰী।মৰমলগা হাঁহি এটা মাৰি ছোৱালী জনীয়ে ক'লে।মা আৰু মই ৰুমটোৰ ভিতৰলৈ সোমাই গ'লো।ছোৱালীজনীয়ে তাইৰ বিচনাখনতে আমাক বহিবলৈ দিলে।
:তোমাৰ নামটো কি?
:মেঘনা বৰুৱা।আপোনাৰ নামটো ?
:কৃষ্ণা দুৱৰা ৷ মই ছোৱালীজনীলৈ চালো।লাহী-পাহী মিঠা বৰণীয়া এজনী মৰমলগা ছোৱালী।ৰুমমেট বায়ে আমাক ইলেক্ট্ৰিক কেটলীত চাহ বনায় চাহ খাবলৈ দিলে।হোষ্টেলৰ এটা নিয়ম আছে,প্ৰতিটো ৰুমতে এজনী চিনিয়ৰ ছোৱালী আৰু এজনী জুনিয়ৰ ছোৱালী থাকিব লাগিব।চাহ খাই মা আৰু মই বস্তুবোৰ চিজিল কৰিলো।ৰুমটোত মুঠতে দুখন বিচনা,দুযোৰ চকী-টেবুল আৰু দুটা সৰু-সৰু ৰেক আছে।বস্তুবোৰথিক্-থাক্ কৰি মাঁহত গ'লগৈ।মই মাঁহতক হোষ্টেলৰ গেটলৈকে আগবঢ়াই দিলো।কব নোৱাৰাকৈয়ে চকুযুৰি সেমেকি উঠিল।মাঁহতক আগবঢ়াই ৰুমলৈ আহিলো।ৰুমত আহি দেখিলো কৃষ্ণাবায়ে ছোৱালী এজনী লগত কথা পাতি আছে।
:মনটো বেয়া লাগিছে নেকি?মন বেয়া নকৰিবা।আমি আছো নহয়-
বাজনীয়ে বৰ মৰম লগাকৈ ক'লে।মই সেমেকা হাঁহি এটা মাৰিলো।
:কাষৰ ৰুমটোৱে মোৰ ৰুম, যাবা পাছত।
:ঠিক আছে বা যাম বাৰু।
:তোমাৰ নামটো মেঘনা ন'।মোৰ নাম দিম্পী।দিম্পী বা বুলি ক'বা।
:ঠিক আছে বা।
:মই এতিয়া যাওঁ দেই।পাছত লগ পাম।
এই বুলি কৈ বাজনী গ'লগৈ।বৰ আপোন যেন লাগি গ'ল বাজনীক।
:ভাগৰ লাগিছে নেকি মেঘনা?
কৃষ্ণা বায়ে সুধিলে।
:নাই লগা বা।
:মোৰ বজাৰ দুটামান কৰিব লগা আছে।মই ছেকেণ্ড গেটলৈ যাওঁ।তোমাৰ কিবা কিনিব লগা আছে নেকি?
:এতিয়া তেনেকুৱা একো বস্তু কিনিব লগা নাই বা।মই ঘৰৰ পৰা আহোঁতে বজাৰ কৰিয়ে আহিছিলো।
:ঠিক আছে!তুমি অলপ ৰেষ্ট লোৱা।মই বজাৰ কেইটা কৰি আহো।
কৃষ্ণাবা যোৱাৰ পিছত মই বিছনাখনত পৰিলো।তেতিয়াহে মনত পৰিল।নিহালদালৈ ফোন এটা কৰা নাই নহয়।ফোনটো হাতত লৈ দেখিলো নিহালদাৰ ২০টা মিচকল।নিহাল দালৈ ফোনটো লগালো।ফোনটো ভালকৈ ৰিং হ'বলৈ নাপালেই।ৰিচিভ কৰিলে।
:হেল্ল' ইমানকৈ ফোন কৰি আছো ৰিচিভ নকৰা যে।চব ঠিকে আছে নে?
একে উশাহতে নিহালদাই কথাখিনি ক'লে।
:চব ঠিকে আছে মই আহি বস্তুবোৰ চিজিল কৰোঁতে ফোনটো চাবলে পাহৰিয়ে থাকিলো।
:অহ!মই আকৌ আকৌ ভয় খাই গৈছিলো।ঠিক আছে তুমি ৰেষ্ট লোৱা অলপ।পাছত কথা পাতিম। নিহালদাৰ ফোনটো থৈ বিচনা খনত বাগৰি দিলো।ভাল লগা এটাই চুই গ'ল মোক। (আগলৈ)
📝ৰুমী কোৱঁৰ
সহকাৰী অধ্যাপিকা
নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়
Khub hunkale baki khondo kaitau diyok.. Pohi khub val lagesa
ReplyDelete