ৰাভাসকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা- ০৬

Rinku Rajowar
0

যোৱা সংখ্যাক পিছৰ পৰা ....
ৰাইজে এজন সুঠাম সফল ডেকাক পাৰৰ বাপেক বা বাপ্ কি নিৰ্বাচন কৰি দিয়ে | তেওঁৰ পৰিচালনাত পাৰনৃত্যৰ যাৱতীয় কামকাজ পৰিচালিত হয় | দুজন পাৰভাৰী থাকে | পাৰবাঁহ মাটিত থোৱা নিষেধ | নৃত্যৰ সময়ত অৰ্থাত পাৰ ঘুৰুৱা সময়ত ঘুৰুৱা মানুহজনৰ হাততেই থাকে | অন্য সময়ত পাৰভাৰী দুজনে একেলগে দুছোৱাকৈ বাঁহেৰে তৈয়াৰ কৰা খোপনীয়াৰ তলফালে থকা জোঙেৰে মাটিত বিন্ধাই থিয়কৈ পোতে আৰু দুয়োফালে ভাৰসাম্য বজাই ৰাখি পাৰবাঁহ পথালিকৈ খোপ থকা অংশত থয় | পাৰবাঁক দেৱতাৰ দৰে পূজা কৰে | সেয়েহে মাটিত থব নাপায় | এইটো এটা জনবিশ্বাস | সকলোৱে ইয়াক চুবও নাপায় | গা-পা ধুই চুব পাৰে | উপবাসে থকাৰ প্রয়োজন নাই           সময় সাপেক্ষে পাৰবাঁহক সেৱা সন্মান জনাই থিয় কৰি লৈ নিজৰ গাৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ নিচিনাকৈ ঘুৰাব লাগে  |
         এনেধৰণে ডেকাসকলৰ মাজত প্রতিযোগিতাও হয় | যিজনে সৰ্বাধিক বাৰ ঘুৰাব পাৰে তেওঁকেই শ্রেষ্ঠ প্রতিযোগী বুলি ঘোষণা কৰা হয় | ২৫/২৭ হাত দীঘল আৰু সেই অনুপাতে শকত বাঁহ এদাল থিয়কৈ লৈ মাটিত নপৰাকৈ সাৱধানে ৰাখি নিজৰ গাৰ চাৰিওফালে ঘুৰোৱাটো তেনেই সহজ কাম নহয় | তথাপিও সবল সুঠাম দেহৰ শক্তিশালী পুৰুষে অভ্যাসৰ বলত এশৰ পৰা ডেৰশ বা ততোধিক বাৰ ঘুৰোৱা নিদৰ্শন আছে  | 
    পাৰনৃত্য , বৃক্ষপূজা নাইবা পীৰ দেৱৰ পূজাৰ নিদৰ্শন | ৰাইজৰ অপায়-অমংগল দূৰীকৰণ আৰু শক্তি সাধনা ইয়াৰ উপলক্ষ্য  |
      পাৰনৃত্যত ঢোল বজাই গীত গাই চাপৰি বজাই ফুৰ্তি কৰে | পাৰঘুৰোৱা কাম একক যদিও ইয়াৰ লগত ভালেমান লোকে ঢোল-পেঁপা বজায় আৰু হাত চাপৰি মাৰি পাৰনৃত্য সম্পৰ্কীয় আৰু বহুৰঙী বগেজাৰী আৰু ৰাভা জনজাতীয় সমাজৰ লগত জড়িত কথাবোৰক লৈ গীতৰ সুৰেৰে গাই যায় |   আগলৈ..
      
    🖋️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)