ক'ভিড-১৯ আৰু মানৱ সমাজ

©Admin
1
সাম্প্ৰতিক কালত ক'ভিড-১৯ এটি বহুলভাৱে ব্যৱহৃত শব্দ । ইয়াৰ সম্পৰ্কে নজনা হয়তো বহুত কমেই‌ ওলাব‌ । ক'ৰ'ণা ভাইৰাছৰ চমু নামটো হৈছে "ক'ভিড -১৯" । ২০১৯ চনত উৎপত্তি হোৱা আৰু কভিড পৰিয়ালৰ পৰা সৃষ্টি হোৱা হেতুকে ইয়াক  WHO এ "ক'ভিড -১৯" নামেৰে নামাকৰণ কৰিছিল ।
                       এই ভাইৰাছ প্ৰথমে উৎপত্তি হৈছিল ২০২০ চনৰ জানুৱাৰী মাহৰ ৩০ তাৰিখে চীন দেশত । তাৰপিছত ই সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰে । বৰ্তমান ভাৰতবৰ্ষই আক্ৰান্তৰ ক্ষেত্ৰত শিখৰ স্পৰ্শ কৰিছে ।
                       ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমো ক'ৰণা ভাইৰাছৰ চিকাৰ হয় । ২০২০ চনৰ ৩১ মাৰ্চ তাৰিখে অসমত প্ৰথমজন  ক'ৰণা ৰোগী চিনাক্ত হয় । দিনক দিনে ইয়াৰ বৃদ্ধিৰ হাৰ বাঢ়ি আহে ।কৰণা ভাইৰাছৰ এনে ৰূপে অসমৰ সমাজ ব্যৱস্থাত আমূল পৰিবৰ্তন আনে।
                       ক'ৰণা ভাইৰাছৰ বৃদ্ধিৰ হাৰ ক্ষিপ্ৰ হৈ অহা হেতুকে অসম চৰকাৰে ৰাজ্য খনত অনিৰ্দিষ্ট কালৰ বাবে লকডাউন ঘোষণা কৰিব লগা হয় ।যাৰ ফলত লোকসকলৰ জীৱন ঘৰৰ ভিতৰতেই আবদ্ধ হৈ পৰিছিল ।এনে পৰিস্থিতিয়ে অসমৰ অৰ্থনৈতিক দিশতো একেবাৰে কোঙা কৰি পেলাইছিল । দোকান-পোহাৰ , উদ্যোগ -প্ৰতিষ্ঠান , যান-বাহন ইত্যাদি বন্ধ হৈ যোৱাৰ ফলত বহুতো লোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ গৈছিল । যাৰ ফলত লোকসকলৰ সাঁচতীয়া টকা কেইটাও শেষ হৈ পৰিছিল । এমুঠি অন্নৰ বাবে হাহাকাৰ লাগিছিল।
                          ই অসমৰ সামাজিক দিশতো পৰিৱৰ্তন ঘটায় । যিহেতুকে অসম  সামাজিক কাৰ্যকলাপত  অতিকে  চহকী ,তাৰ ফলস্বৰূপে অসমত বিয়া - বাৰু ,সকাম - নিকাম আদি অতি সঘনে অনুষ্ঠিত হোৱা দেখা যায় । অতি ধুমধামেৰে পতা বিয়া , সকাম ভাগো  ক'ৰণা ভাইৰাছে অনুস্তূপীয়া কৰি পেলালে । বিলাসিতাৰ অবিহনেও যে এটা অনুষ্ঠান পাতিব পাৰি তাক শিকালে‌ ক'ৰণা ভাইৰাছে ।
                          ই শিক্ষা ব্যৱস্থাতো আমূল পৰিৱৰ্তন আনিছিল ।  পঢ়াশালিলৈ নোযোৱাকৈয়ে zoom, google classroom,whatsapp ৰ যোগেদি শিক্ষা দান আৰু গ্ৰহণ কাৰ্য্ আৰম্ভ হয় । অৱশ্যে ই কিমানখিনি ফলপ্ৰসূ হ'ব সেয়া সময়েহে নিৰ্ধাৰণ কৰিব। 
                ই অসমৰ খাদ্যাভ্যাসত‌ো কম বেছি পৰিমাণে সাল-সলনি কৰিছিল ‌। মাছ মাংস অবিহনে  ভাত খাব‌ নোৱাৰা জনেও ভাত খাব‌ পৰা হ'ল । বাৰীৰ পচলাটিয়েও ডাইনিং টেবুলত স্থান পালে ।
                ইয়াৰ ফলত অসমৰ প্ৰাকৃতিক দিশটো কিন্তু বাৰুকৈয়ে উপকৃত হৈছিল । যানবাহন,‌উদোগ আদি বন্ধ হৈ যোৱাৰ হেতুকে প্ৰদূষণৰ পৰিমাণ কমি আহিব ধৰিল । যাৰ ফলত চাৰিওদিশ নিৰ্মল , বিশুদ্ধ হৈ পৰিল । প্ৰদূষণৰ ফলস্বৰূপে অ'জনস্তৰত  যিবোৰ বিন্ধা হৈছিল,সিও লাহে লাহে বন্ধ হ'বলৈ ধৰে ।আৰু ই প্ৰকৃতিলৈ এক সুখৰ বতৰা ।অতদিনে চট্ফটাই থকা পৃথিৱীখনে সকাহ পালে ।
                ক'ৰণা ভাইৰাছৰ ফলস্বৰূপে সমাজত সৰু -বৰৰ ব্যৱধান কমি আহিব ধৰিল । আজিৰ মানুহে ক'ৰবাৰ পৰা আহি ভিতৰ নোসোমাই বাহিৰে বাহিৰে সাজপাৰ সলাই স্নান কৰি ভিতৰত প্ৰবেশ কৰা কাৰ্যই আমাক পুৰণিদিনলৈ‌ গতি কৰায় ।সেই সময়ত এনে বিলাক নীতি- নিয়ম থকাৰ ফলস্বৰূপে বেমাৰ আজাৰৰ হাৰো কম আছিল ।বাৰীৰ বনশাকজোপাযে  বিলাসী খাদ্যতকৈ‌ বেছি উপযোগী আৰু ৰোগৰ প্ৰতিষেধক ইয়াৰ সৈতেও চিনাকি কৰি দিয়ে । কৰণাৰ পৰা বচাৰ লগতে মাস্ক পৰিধানে যে আন ৰোগৰ পৰাও বচায় , তাৰোৰ শিক্ষা দিলে ।মাস্কৰ কথা নজনা জনেও আজি কিন্তু মাস্কৰ অবিহনে ঘৰৰপৰা ‌নোলায় ।চ'চিয়েল ডিচটেন্সিং , কুৱাৰেইন্টাইন আদি শব্দ হোলা বুঢ়াৰ মুখত ও ফুটা হ'ল ।
                ক'ৰণা প্ৰতিৰোধৰ বাবে অসম চৰকাৰ তথা স্বাস্থ্য বিভাগটোৱে যেনেদৰে কাম কৰিছে‌ তাক কিন্তু নুই কৰিব নোৱাৰি। এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যপন্থা শলাগ ল'বলগীয়া । কিন্তু তাৰ মাজতে এচাম মধ্য লোকে সমাজত কৰণাৰ প্ৰতি ভয় বঢ়োৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । সাধাৰণ জ্বৰ - কাঁহ হোৱা ৰোগীক কৰণা ৰোগী সজাই সমাজত বেমেজালিৰ সৃষ্টি কৰিছে । গতিকে, এনে ‌লোকৰ পৰা বাচি থাকি কৰণা প্ৰতিৰোধৰ বাবে ব্যৱস্থা লোৱাটোহে অতি জৰুৰী ।
                
                সি যি কি নহওঁক কৰণা ভাইৰাছক এক অৰ্থত শিক্ষা তথা পৰিৱৰ্তনৰ বাহক বুলি ক'লেও ভুল কোৱা নহব। ই মানৱ সমাজক  শিকাই গ'ল জীৱন নিৰ্বাহৰ নতুন প্ৰণালী ‌। দি গ'ল এক নৱ অভিজ্ঞতা । এতিয়া সময় মাথোঁ মৃত্যু বিভীষিকাৰ সৃষ্টি কৰা ক'ৰণা মহামাৰীৰ পথত  মানৱসমাজ হেলাৰঙে থিয় দিয়া ।



📝 দিচা‌ গগৈ 
চামগুৰি , আমগুৰি

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ধুনীয়া দিচা 👌

    ReplyDelete
Post a Comment