ধাৰাবাহিকত মকাহিনী এতিয়ালৈকে - বহুত দিনৰ মূৰত সত্যম ঘৰলৈ উভতি অহাত তাৰ কৰ'ণা টেষ্ট কৰাবলৈ যাবলগীয়া হয় ৷ টেষ্ট পজিটিভ হোৱাত ঘৰলৈ উভতি আহে ৷ সত্যমৰ কৰ'ণা হৈছে বুলি সি ফেচবুকত পঢ়িবলৈ পাই পষ্ট দিওঁতাজনক ধমকি দিয়ে ৷ বহুত দিনৰ মূৰত দিবাকৰৰ লগত ফ'নত কথা পাতি থাকোতে সংযোগ বিছিন্ন হোৱাত সত্যমৰ মনত বেজাৰ লাগিল ৷
এতিয়া আগলৈ পঢ়ক -
সত্যমে চাহকাপ খাই ঘৰত নথকা খোৱা সামগ্ৰী কেইপদমানৰ তালিকা বনাই মোনাটো লৈ দোকানলৈ বুলি ওলাল ৷ দোকানত সোমাৱা মাত্ৰে দোকানীয়ে চিঞৰি ক'লে
" হেৰৌ হেৰৌ সোমাই নাহিবি দোকানৰ বাহিৰতে ৰ' "
সত্যমে আচৰিত হৈ সুধিলে
কিয় সোমাব নোৱাৰোঁ , মোৰ গাত কোনো চুৱা তো নাই "
দোকানীয়ে ক'লে
" কিয় মানে তোৰ দেখোন ক'ভিড নাইনটিন হৈছে , একপ্ৰকাৰে তই ঘৰৰ পৰাই ওলোৱাতো উচিত নহয় "
সত্যমে হাঁহি মাৰি ক'লে
" কি কথা কৈছে খুৰা আপুনি , বাৰু আপোনাক কোনে ক'লে মোৰ কৰ'ণা হৈছে বুলি ? "
দোকানীয়ে টপককৈ ক'লে
" ফেচবুকত পাইছোঁ আকৌ "
সত্যমে ক'লে
" আৰে খুৰা আপুনি তো জানেই আজিকালি কিছু সংখ্যক লোক আছে যি সদায় চছিয়েল মিডিয়াত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই থাকে , আৰু এনেধৰণৰ ভূৱা পষ্ট একমাত্ৰ অধিক ভিউ পোৱাৰ লালসাত কৰে ৷ আপুনি তো এজন অভিজ্ঞ সচেতন ব্যক্তি , হৈয়ো এইবোৰ মিছা কথাত ভুল কেনেকৈ যাব পাৰে , আৰু আপোনাক অবগত কৰাই দিওঁ যে , যিজন ল'ৰাই মোৰ বিষয়ে ভুৱা পষ্ট দিছিলে তাক মই ধমকি দি পষ্টটো দিলিট কৰালোঁ ৷ বিশ্বাস হোৱা নাই যদি আপুনি চেকিং কৰি চাব পাৰে "
দোকানীজনে লগেলগে মবাইলত ফেচবুক উলিয়াই দেখে যে সঁচাকৈয়ে পষ্টটো নাই , লাজতে মূৰ তল কৰি ক'লে
" মোক ক্ষমা কৰি দে , মই অজানিতে তোৰ লগত পশুৰ দৰে ব্যৱহাৰ কৰিলোঁ "
সত্যমে ক'লে
"একো নাই খুৰা , মানুহ মাত্ৰে ভুল , গতিকে এতিয়া সোমাব পাৰোনে ? "
দোকানীয়ে ক'লে
" নিশ্চয় সোমাই আহ "
সত্যম দোকানত প্ৰৱেশ কৰিলে দোকানীজনে চকীখন আগবঢ়াই দি ক'লে
" বহ ইয়াতে আৰু মোক লিষ্টটো দে "
সত্যমে লিষ্টটো দি চকীখনত বহি মবাইল উলিয়াই নিতুৰ নম্বৰ ডায়েল কৰিলে ৷
সেইফালে নিতু ঘৰ সৰাত ব্যস্ত এনেতে মবাইল বাজি উঠাত ফোনটো ৰিচিভ কৰিলে
নিতু: হেল্ল' কি খবৰ সত্যম দা
সত্যমঃ মোৰ ভালেই তোমাৰ কোৱা ?
নিতুঃ আপুনি আমাৰ গাওঁখন এৰি যোৱাৰ পৰাই মোৰ আৰু দিবাকৰৰ মন ভাল নলগা হ'ল , আপুনি থাকোতে প্ৰতিটো দিন উৎসৱ উৎসৱ লাগিছিল , কিন্তু এতিয়া সকলো যেন নোহোৱা হ'ল , ৰাতিটো আপোনাৰ কথা ভাৱোতেই পাৰ হৈ যায় ৷ মন বেছি বেয়া লাগিলে সৌ নাহৰ জোপাৰ তলত গৈ বহি আপোনাৰ সৈতে কটোৱা সময়খিনিৰ কথা ভাৱিয়ে সন্তোষ লভো , আৰু ইয়াৰ পৰা যোৱাৰ পৰা এটা ফ'নও নাই কৰা
কিয় ? পাহৰিলে নেকি মোক ৷
সত্যমঃ কি কোৱাহে মই তোমালোকক কেনেকৈ পাহৰো এয়া অসম্ভৱ কথা , আৰু তুমি তো মোৰ হৃদয়ৰ দাপোণ পুৱা গধূলি তোমাকে দেখো ৷
নিতুঃ অ' হয় নেকি তেনেকৈ নক'ব
ভয় লাগে ৷
সত্যমঃ কিয় বা ভয় লাগে ?
নিতুঃ আমাৰ মাজত প্ৰেমৰ বান্ধোন টানকৈ বান্ধ খোৱাৰ পাছত যদি , হঠাৎ ছিঙি যায় কি হব ৷
সত্যমঃ আমাৰ প্ৰেম বন্ধন কেতিয়াও নিছি্ঙে , মই তোমাক কথা দিছো লাগে যিয়েই পৰিস্থিতি সন্মুখত থিয় নিদিয়ক কিয় মই তোমাৰ সংগ এৰি নিদিওঁ , যদি তোমাৰ তৰফৰ পৰা কিবা হয় , সেইটো কিন্তু মই কব নোৱাৰো আৰু কয় বোলে ছোৱালীবোৰ হেনো সময়ত বিশ্বাসঘাট কৰি আনৰ সৈতে বিয়াত বহে ৷
নিতুঃ হেৰৌ মই তেনেকুৱা ধৰণৰ ছোৱালী নহয় গম পাইছে ল’ৰাবোৰহে ছোৱালীক ঠগি যায় ৷
এনেতে দোকানীয়ে মোনাত সামগ্ৰী ভৰাই সত্যমৰ হাতত দিলে ৷ সত্যমে ক'লে
" নিতু ঠিক আছে বাৰু এইবোৰ কথা পাছত পাতিম এতিয়া ফ'ন কাটিছো মই বাহিৰত আছো "
নিতুৱে হয় বুলি কয় ফ'ন কাটি আকৌ নিজৰ কামত লাগিল ৷ সত্যম সামগ্ৰী লৈ ঘৰ পালেহি ৷ গেছটো জ্বলাই কুকাৰত চাউল দি বহাই আলু কেইটামান লৈ কুটিলে ভাত হোৱা পাছত আলু ভাজি লৈ ভাত খাই ডায়েৰী খন লৈ বহিল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ