এপিঠি চোকা ৰ'দ লৈ ওলাই যায় শ্ৰমিকসকল। এবোজা ব্যস্ততাৰে গধুৰ কান্ধ। ব্যস্ততা জীৱনটোক লৈ। ব্যস্ততা পৰিয়ালটোক লৈ। ব্যস্ততা গামোচা বান্ধি ৰাখিব খোজা ভোকাতুৰ পেটটোক লৈ। বিষাদ যন্ত্ৰণা পাৰ হৈছে তেওঁলোকৰ নিৰন্ন দিন - সপ্তাহ- মাহ। ক্লান্ত জীৱনৰ গাভৰু কান্দোন হৈ ৰৈছে চিৰদিনৰ লগৰী।
দৰিদ্ৰপীড়িত শ্ৰমিকে জীৱনৰ নিচা সাৱটি জীৱন বাটত বাট বুলিছে। জীৱনৰ দলিচাত এমুঠি সুখ চটিয়াই লোৱাৰ হেঁপাহ তেওঁলোকৰ। অসমাপ্ত জীৱনৰ ছন্দবোৰ সজাই তোলাৰ আশা। সন্তানৰ দুচকুত সিঁচি দিব বিচাৰে হাজাৰটা সপোন.....। কিন্তু, দুখৰ ৰাতি নাযায় নোপোৱায়। দুখীয়াৰ দুখৰ অন্ত নপৰে।
দোকমোকালিৰ পৰা বেলি লহিওৱা পৰলৈকে তেজ পানী কৰি দুবেলা- দুমুঠি ভাত মোকলোৱাৰ প্ৰচেষ্টা। জীৱন নদীৰ বোৱতী সোঁতে যি দিশেই বোৱাই নিছে, সেই দিশেই চলি গৈছে জীৱনটো। কিন্তু, জীৱনৰ প্ৰতিশ্ৰুতিবোৰ যে এতিয়াও ৰৈ গৈছে!!!!! সেয়েহে নিষ্ঠুৰ জীৱনৰ আবদাৰবোৰ পূৰা কৰি গৈ আছে আগবাঢ়ি। কেতিয়াবা যদি পেটৰ তাড়ণা, কেতিয়াবা আকৌ জীৱনৰ তাড়ণা। আজি যদি শ্ৰমৰ আনন্দ; কালিলৈ কৰ্মহীনতাৰ হতাশগ্ৰস্ততা, উদ্বিগ্নতা। দুখৰ কৱচ পিন্ধি জীৱনৰ কণ্টকময় পথত এখোজ- দুখোজকৈ খোজ পেলায়। কেতিয়াবা যদি ক্লান্তি, কেতিয়াবা পূৰ্ণোদ্যমে আগুৱাই যোৱাৰ অন্তহীন আশা।
জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী তথা মায়া- মোহে পৃথক- পৃথকভাৱে আমাৰ জীৱনবিলাক পৰিচালিত কৰে। জীয়াই থকাৰ বাসনা আৰু জীৱনৰ প্ৰয়োজনীয়তাবোৰক কেন্দ্ৰ কৰিয়েই মানৱ জীৱন। এজন শ্ৰমিকো ইয়াৰ ব্যতিক্ৰম নহয়। তেনেস্থলত দুখ- জৰ্জৰিত এজন কৰ্মহীন শ্ৰমিকৰ মানসিক অৱস্থা কেনেধৰণৰ হ'ব তাক হয়টো বৰ্ণনা কৰাৰ প্ৰয়োজন নহ'ব।
(আগলৈ)
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ