Vittorio De Sica_ পৰিচালিত "The Bicycle Thief"( Ladri Di Biciclette) হৈছে ইটালীত নিৰ্মিত এখন অন্যতম শ্ৰেষ্ঠ ছবি। ছবিখনৰ জৰিয়তে এজন অসহায় শ্ৰমিকৰ দুখ-যন্ত্ৰণাৰ চিত্ৰ অতি সুন্দৰভাৱে অংকিত কৰা হৈছিল।
Antonio Ricci আছিল যুদ্ধবিধ্বস্ত ৰোমৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ এজন দৰিদ্ৰপীড়িত শ্ৰমিক। সংস্থাপনহীন Antonio ই বহু কষ্টৰে এটা কামৰ যোগাৰ কৰে, য'ত চৰ্ত ৰখা হৈছিল যে তেওঁৰ এখন নিজাববীয়া bicycle থাকিব লাগিব। তেওঁৰ কাম আছিল চলচ্চিত্ৰৰ বিজ্ঞাপনৰ প'ষ্টাৰ ৰাজহুৱা স্থানত লগোৱা। কেইপদমান আৱেগ-জড়িত সামগ্ৰী বিক্ৰী কৰি তেওঁ পইছাৰ যোগাৰ কৰে। তেওঁ এখন bicycle কিনিব। ছন্দহীন জীৱনটোত এছাটি হাঁহি বিৰিঙিছিলহে, কিন্তু সকলো অথলে গ'ল। কামৰ প্ৰথমদিনাই সেইখন চুৰি হৈ যায়। নিশ্চিত কৰ্মহীনতা আৰু হতাশা তথা পৰিয়ালটোলৈ নামি আহিব খোজা ঘোৰ অমানিশাই তেওঁক ভীতিগ্রস্ত কৰি তোলে। সকলোতে bicycle খনৰ সন্ধান কৰিছিল যদিও কোনো আশাৰ ৰেঙণি দেখা পোৱা নগ'ল। Bicycle খনৰ বিফল অন্বেষণৰ পাছত Antonio ই এদিন পুত্ৰ Bruno ৰ সৈতে গৈ আছিল। তেনেতে তেওঁ এখন গৰাকীবিহীন bicycle দেখা পায়। হতাশা, নিৰাশা এই সকলোবোৰ দূৰ কৰিবলৈ তেওঁ bicycle খন চুৰি কৰাৰ দ্ৰুত পৰিকল্পনা কৰি পেলায়। কিন্তু এষাৰ কথা আছে নহয় - "ভবা কথা নহয় সিদ্ধি , বাটত আছে কণা বিধি"। সুযোগ বুজি সেইখন চুৰি কৰিবলৈ লওঁতেই তেওঁ ধৰা পৰি যায়। শাৰীৰিক অপদস্থতা, স্খলন, অপমান, অনুশোচনাত অসহায় হৈ পৰে। পুত্ৰ Bruno এ Antonio ৰ পৰি যোৱা টুপীটো তুলি ওচৰ চাপি অহাত সহানুভতি দেখুৱাই cycle ৰ গৰাকীয়ে কথাটো সিমানতে সামৰে। পুত্ৰৰ আগবঢ়াই দিয়া সেই একেই অসহায় হাতখন খামুচি খোজ পেলাই অনিশ্চিত ভৱিষ্যতৰ দিশে। এই হৃদয়বিদাৰক দৃশ্যৰ পাছতেই ছবিখনৰ অন্ত পৰে।
(আগলৈ)
✍️প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ