১) চন্দ্ৰবিন্দু স্বৰবৰ্ণযুক্ত শব্দৰ লগত যুক্ত হ'লে মুখ্য ৰূপত থকা স্বৰ বৰ্ণটোৰ ওপৰত বহে ---
যেনে অঁকৰা ,আঁঠু, আঁউসী,ওঁঠ , অঁহীয়া ---ইত্যাদি ।
কিন্তু স্বৰবৰ্ণটো গৌণ ৰূপত থাকিলে স্বৰ বৰ্ণ সংযুক্ত ব্যঞ্জন বৰ্ণটোৰ ওপৰত বহে ।
যেনে -----
সঁচা , কাঁইট , তিয়ঁহ , দাঁত ইত্যাদি ।
চন্দ্ৰবিন্দু কেনেকৈ ব্যৱহাৰ হয় তাৰ উল্লেখহে কৰিলোঁ ,ক'ত বা কেতিয়া ব্যৱহাৰ সেই বিষয়ে এতিয়া চমুকৈ আলোচনা কৰিম।
ক) প্ৰথম পুৰুষৰ [ "মই/আমি"]কৰ্তাযুক্ত ক্ৰিয়া বিলাকৰ বৰ্তমান আৰু অতীত কালৰ সকলো ৰূপতে শেষৰ বৰ্ণটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় ।
ব্যাখ্যা -------
~~~~
মই/আমি ---
খাওঁ ,খাইছোঁ,খালোঁ,খাইছিলোঁ,
খালোঁহেঁতেন । এনেকৈ সকলো ক্ৰিয়াৰ ক্ষেত্ৰতে চন্দ্ৰবিন্দু যোগ হ'ব।
মন কৰিব লাগে যে সম্ভাব্য ভূত কালৰ চিন "হেঁতেন"ৰ 'হ'ৰ ওলৰত সদায় চন্দ্ৰবিন্দু বহুৱাব লাগে ; খালোঁ ,গ'লোঁ , চালোঁ আদি ক্ৰিয়া বিলাকতো চন্দ্ৰবিন্দু বহুৱাব লাগে ; ফলত "খালোঁহেঁতেন" সম্ভাব্য ভূত কালৰ ৰূপটোত দুটা চন্দ্ৰবিন্দু বহুওৱাৰ প্ৰয়োজন হয় ;কিন্তু এই ক্ষেত্ৰত বহুতে এটা মাথোন চন্দ্ৰবিন্দুহে বহুওৱা দেখা যায় ;এইটো ভুল ।
খ) দ্বিতীয় পুৰুষৰ "তুমি"/"তোমালোক" --কৰ্তাযুক্ত অনুজ্ঞা ক্ৰিয়া বা নিত্য বৰ্তমান কালৰ ক্ৰিয়া বিলাকত চন্দ্ৰবিন্দু ব্যৱহাৰ হয় --
যেনে---
তুমি /তোমালোক-----
যোৱাঁ , খোৱাঁ ,গোৱাঁ, লোৱাঁ ,হোৱাঁ ,কৰাঁ--ইত্যাদি ।কিন্তু এই ক্ৰিয়া বিলাকৰ অসমাপিকা ৰূপটোৰ লগত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয় ।
যেনে ---
তুমি গোৱা গানটো ;
বানে ধোৱা পথাৰ
হাতে বোৱা কাপোৰ
গাড়ী ৰখোৱা ঠাই
তুমি কৰা ভুলবোৰ ---ইত্যাদি ।
গ) যিবিলাক শব্দ সংস্কৃতমূলীয় আৰু সেই মূল সংস্কৃত শব্দটোত যদি কোনো নাসিক্য বৰ্ণ থাকে,তেনেহ'লে সেই নাসিক্য বৰ্ণৰ আগৰ ব্যঞ্জন বৰ্ণটোৰ ওপৰত চন্দ্ৰবিন্দু বহে ।
যেনে---
সংস্কৃত অসমীয়া
~~~~~ ~~~~~
দন্ত দাঁত
কণ্টক কাঁইট
সীমন্ত সেঁওতা
বাংশী বাঁহী
অঞ্চল আঁচল
অঞ্জলি আঁজলি ---ইত্যাদি ,ইত্যাদি ।
(আগলৈ)
সংগ্ৰহ ফেচবুকৰ পৰা
ডাঙৰ ডাঙৰ শব্দৰ "ঙ" বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু লাগিবনে?
ReplyDelete