আইলৈ চিঠি

Rinku Rajowar
0
বাহিৰত শিলাবৃষ্টি । দিনৰ ভাগত ৰণচণ্ডী মূৰ্তি ধৰা মেঘটোৰ যেন কাৰোবাৰ ওপৰত ক্ৰোধিত হৈ তৎক্ষণাৎ ক'লা ৰঙী ডাৱৰেৰে ভৰি পৰিল ।মূষলধাৰ বৰষুণ আৰু কাণ চাৎ মৰা ঢেৰেকনিকো উপেক্ষা কৰি তাই কলমটি উলিয়াই ললে ।বতৰটোৰ লগত তাই যেন নিজৰ কিছু সমিল-মিল বিচাৰি পাইছিল ।প্ৰচণ্ড গাজনি , মেঘ ফালি অহা বিজুলী ঢেৰেকনিৰ পোহৰক সাৰমৰ্ম হিচাপে লৈ তাই বগা কাগজ খনত নীলা কলমটো বুলাবলৈ আৰম্ভ কৰিলে । ক'ব নোৱাৰাকৈ তাইৰ হাতৰ তলুৱা খন ঘৰ্মাক্ত হৈ পৰিল । হঠাৎ  ফেঁকুৰিবলৈ  আৰম্ভ কৰা তাইজনীয়ে কিবা কৰি দুচকুৰে ব'ব খোজা তপত লোটক চকুতে সামৰি থ'লে।
                তাই আৰম্ভ কৰিলে , "মা ,কিয় জানো ,আজি তোমাক সম্বোধন কৰিবলৈ মোৰ মনটোৱে বাৰে বাৰে বাধা দিছে । বিয়া হোৱাৰ ২ বছৰেই হ'ল । লিখিবলৈ লৈও থমকি ৰও ।আজি আৰু নৰ'লো । হয়তো বতৰটোৱেও মোক সংগ দিব বিচাৰে ।মা , মনত আছেনে তোমাৰ , আজিৰ দিনটোতেই তুমি গাঁৱৰ মানুহৰ মই কুমাৰীৰ পৰা জীয়ৰী হোৱাৰ বাবে কৰা আপত্তিবোৰ  আৰু দেউতাবিহীনতাত  দাদা-  বৌহঁতৰ  কথাৰ তাগিদাত পৰি মোক গতাইছিলা  দুদিনীয়া চিনাকিজনৰ হাতত । এবাৰো বুজিবলৈ চেষ্টা নকৰিলা অপৰিপক্ক দেহস্থিত চঞ্চল মনটোৰ কাৰেং ঘৰ সাজিবলৈ দুচকুত থকা সপোনবোৰৰ কথা । এতিয়া সময়ে বাগৰ সলালে । অভিমান ভৰা উচুপনিবোৰ তোমাক নিচুকাবলৈও দিব নোৱাৰো । তুমিয়েইতো কৈছিলা বিবাহিত ছোৱালীৰ হেনো স্বামী ঘৰখনেই নিজৰ হয় ।ক'তা , ইয়াত চোন মোক কথাই প্ৰতি "মাৰৰ ঘৰলৈ যা , বাপেৰৰ ঘৰলৈ  .......... "এইবোৰেই শুনায়।মিচা আছিল নেকি মা ,সেই বিয়া নহওঁ বুলি কোৱাত তুমি দিয়া বুজনিবোৰ । বিশ্বাস কৰা মা ....মই ইয়াত অলপো শান্তিত নাই । হাড় মাংস থকা  মই এটা মৃত কায় । আত্মীয়তা ,মৰম, ভালপোৱা এইবোৰ মাত্ৰ বাহ্যিকতা  এওঁলোকৰ বাবে । কেতিয়াবা ভাৱ হয় , কোনেও বিচাৰি নোপোৱাকৈ নিঃশেষ হৈ যাওঁ নেকি । চেষ্টা নকৰাও নহয় । কিন্তু নোৱাৰিলোঁ ,ন মাহ ন দিন মাৰ , গোৰ, অশ্লীল কথাকো নেওচি জন্ম দিয়া মাইনীজনীৰ কথা ভাবি । বাদ দিয়া , আৰু ক'বলৈ একো নাই । গতিশীল সময়ৰ বোকোচাত প্ৰাপ্তি - অপ্ৰাপ্তিৰ ক্ষণবোৰক বুজিব পৰাকৈ প্ৰস্তুত হৈছো মই । পাৰিলে বৃহস্পতি বাৰৰ দিনা পাক এটা মাৰিবা । তেওঁৰ শ্ৰাদ্ধৰ দিন পৰিছে ।" 
                               এক তীব্র শিহঁৰণে তাইজনীক কপাঁই গ'ল । বৰষুণজাকো এৰিল । এতিয়া কুঁৱলীজাকে ৰাতিপুৱাৰ ক্ষণ গণাৰ প্ৰস্তুতি চলাইছে ।


🖋️দিচা গগৈ 
চামগুৰি, আমগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)