গৈ আছো মই সংগীবিহীন অকলশৰে ;
চৰাই- চিৰিকটি কাৰো মাত নাই
জোনটিয়ে যে হাঁহিছে নিৰবে ।।
দুৰনি পঁজাৰপৰা ঢিমি্ক ঢামাক্
দেখো এটি দুটি চাকি পোহৰ ;
মানুহবোৰো পৰিছে শীতল পাটিত
টোপনীত যে লালকাল ..।।
নিৰৱ বতাহ এচাটি আহি, গহীন গছ - লতা পাত, !
লৰাইছে ৰিব্ ৰিব্ কৰি ।।
গহীন নিতাল ভাঙি কাষৰৰ জুৰি ,
কূলু - কূলু কৈ বৈছে যে আহি ।।
লগ - লাগিল বতাহ আৰু কাষৰৰ জুৰি,
নেদেখা নমনাকৈ মোৰ লগত
লুকা- ভাকু খেলিছে সংগী হীন হৈ ।।
গভীৰ অৰণ্যত সোমাই পৰিলো ! দুষ্ট জোনাকী পৰুৱা কৱলত পৰি..
সেয়েহে আজি গভীৰ জোনাক,
একোকে মনিব নোৱাৰি ।।
🖌️ শ্ৰী সত্যজিৎ হাজৰিকা
মৰিধল মহাবিদ্যালয়, মৰিধল ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ