জীৱন : এক চক্ৰবেহু

©Admin
0
জীৱন সঁচাই বৰ নিষ্ঠুৰ, 
বৰ অদ্ভুত ; 
জীৱনে কেতিয়াবা হহোঁৱাই, 
কেতিয়াবা কন্দুৱাই ;
কেতিয়াবা দিয়ে, 
কেতিয়াবা নিয়ে |
জীৱন মানেইটো ঘাত - প্ৰতিঘাতেৰে 
পৰিপূৰ্ণ এটি সৰু পৃষ্ঠা ;
য'ৰ পৰা দিব লাগে 
হাজাৰ -বিজাৰ পৰীক্ষা
জীৱন দুৰ্যোধনৰ এক চক্ৰবেহু 
য'ত এবাৰ সোমালে 
ওলোৱা টান |
' জীৱন ' নামৰ এই 
চক্ৰবেহুত সোমাই পৰা 
মই অভিমন্যু | 
পিছে উদ্ধাৰৰ বাবে 
অৰ্জুন কোন? 
আইয়ে জনম দিলে 
এই চক্ৰবেহুৰ মাজত ;
মৃত্যুয়েই যাৰ পৰা 
মুক্তিৰ উত্তম উপায় |
এয়াইটো জীৱন 
এক অভিমন্যুৰ কাহিনী 
জীৱন : এক চক্ৰবেহু |

🖋️অবিনাশ বড়া 
আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্র তথা আমগুৰি শাখা সাহিত্য সভাৰ সহ: সাধাৰণ সম্পাদক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)