শিষ্টাচাৰ (অণুগল্প)

বাসৱীৰ মনতো বৰ বেয়া লাগিল।এটা হোটেল বয় তাইক এনেকৈ কলে।তাই আচাৰ বিক্ৰী কৰিবলৈ গৈছিল। নিজৰ হাতেৰে বনোৱা আচাৰ।বি এ পাছ বাসৱীৰ ঘৰত কি নাই। গিৰিয়েক এজন অধ্যাপক। পুতেক বেঙ্কাৰ। ছোৱালী অধ্যাপিকা। কিন্তু তাই ঘৰত থাকি আমনি পায়।সেৱে তাই এই কামটো লৈছিল।লগত এগৰাকী মহিলা helper হিচাপে লৈ ব্যবসায়তো ঠিকেই চলিছিল। নিজৰ বাবে গিৰিয়েকৰ ওচৰত হাত পাতিব লগা হোৱা নাছিল। কিন্তু আজি এই ল'ৰাটোৱে তাইক কলে ""মালিক এতিয়া  ব্যস্ত আছে যিকোনো মানুহৰ লগত এতিয়া কথা নেপাতে কৈছে। আপুনি পিছত আহিব।""। তাই কলে ""মই যি কোনোৰ ভিতৰত নপৰো তুমি এক মিনিটৰ বাবে মাতি দিয়াচোন।""
ল'ৰাটোৱে গেঙেৰি মাৰি তাইক ধমকি দিলে।
Disturb নকৰিব পিছত আহিব।!!!!!!!

📝ৰিজু মণি দেৱী। নগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send