হৰিণাৰ মাংসই বৈৰী (অণুগল্প)

©Admin
0
ৰূপে-গুণে সাইলাখ অপেশ্বৰী যেন লাগিলেও ৰাধিকাৰ জন্ম অতি দৰিদ্ৰ চাহ জনগোষ্ঠীয় পৰিয়াল এটাত হৈছিল। দৰিদ্ৰতাৰ উৰুখা পজাঁত যক্ষ্মা ৰোগত আক্ৰান্ত ৰাধিকাৰ ৰুগীয়া পিতৃ বহু দিনৰ পৰাই শয্যাশায়ী । তাইৰ ভায়েক দুজনৰ এজনে অষ্টম শ্ৰেণীত আৰু  আনজনে  ষষ্ঠ শ্ৰেণীত পঢ়ে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মাকে সপ্তাহৰ মূৰত পোৱা টকাখিনিৰে ঘৰখন যেনেতেনেহে চলিছিল। উপায়হীন হৈ উচ্চ শিক্ষাৰ আশা জলাঞ্জলী দি ৰাধিকা ই একাদশ মানত পঢ়ি থাকোতেই শিক্ষা সাং কৰি বাগানলৈ যোৱা আৰম্ভ কৰিলে। এদিন বাগিচাখনৰ আদহীয়া কল্যান বিষয়াজনে চকীদাৰৰ হতুৱাই তাইক মাতি পঠিয়ালে । তাৰ পিছত ৰাধিকা সদায় আগবেলা বিষয়াজনৰ কোৱাৰ্টাৰলৈ যায় আৰু ২ মান বজাত ঘৰলৈ ৰাওনা হয়। এদিন তাইৰ দেৰি হ'ল, ঠিক বেলি ডুবিবৰ হ'ল। তাই ঘৰলৈ আহি পাই কোনোমতে গা ধুই বিচনাত পৰিল; সেইদিনা ৰাতি তাই ভাত খাব নোৱাৰিলে । পিছদিনা তাই শুই থাকোতে মাক কামলৈ গ'ল। ভায়েক দুজনো স্কুললৈ গ'ল। দেউতাক কাষৰ কোঠাটোৰ বিছনাত পৰি আছিল। সেইদিনা বাগানত পাত ছিঙি থাকোতে মাকৰ মনটো বৰ উগুল-থুগুল হৈ আছিল, কামৰ প্ৰতি তেওঁৰ অকণো ধাওতি নাছিল। ভালকৈ পাত নিছিঙাৰ বাবে বাগানৰ বাবুৱে সেইদিনা তেওঁক টানকৈয়ো কৈছিল। কিন্তু তেওঁৰ কাণত সেইবোৰ সোমোৱা নাছিল। তেওঁ মাথো বাগানৰ বিঙ্গুল (হুছ্যেল) বজালৈ বাট চাই আছিল। ছুটি হোৱাৰ লগে লগে তেওঁ চিধাই ঘৰলৈ গ'ল। মূৰত কঢ়িয়াই নিয়া টুকুৰি (খাং)টো বাৰান্দাত থৈ হাত-ভৰি ধুই ঘৰখনত সোমোৱাৰ লগে লগে তেওঁ বলিয়াৰ দৰে চিঞৰ-বাখৰ কৰি কন্দা-কটা কৰিবলৈ ধৰিলে। ওচৰ-চুবুৰীয়া গোট খাই দেখে ৰাধিকা বিছনাত পৰি আছে; তাইৰ নাকে মূখে তেজ বৈ আছে আৰু তাইৰ বাওঁহাতৰ মুঠিত এখন বগা কাগজত কিবা লিখা আছে । 
হৰিণাৰ মাংসই বৈৰী বুলি কোৱা কথাষাৰ আকৌ এবাৰ সঁচা প্ৰমাণিত হ'ল। 

📝টোলন তছা 
জখলাবন্ধা,নগাঁও ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)