" চেনিৰাম ভালে কৰিলা গাড়ীখন আনি এতিয়া গাওঁখনৰ আটাইতকৈ ধনী ব্যক্তি তুমিয়ে কিন্তু মণিৰামো যদি গাড়ী লৈ আনে তেতিয়া কি হব "
চেনিৰামে ক’লে
" কথাটো হয় কিন্তু মোৰ বোধেৰেো মণিৰামৰ ওচৰত ইমান টকা নাই , সি নিশ্চয় অন্য কিবা উপায় উলিয়াবই ইমান সহজে মণিৰাম হাৰ নামানে চাওঁচোন বাৰু এইবাৰ মণিৰাম মোতকৈ বেছি ধনী কেনেকৈ হব পাৰে "
চেনিৰাম দীঘলীয়া উশাহ টানি ভিতৰলৈ সোমাল ৷
এইফালে মণিৰাম খঙৰ ভমকত ঘৰৰ ইটো মূৰৰপৰা সিটো মূৰলৈ খোজকাঢ়ি কাঢ়ি মনতে ভোৰভোৰাই আছে
" চেনিৰাম মোক তল পেলাবলৈ দামী গাড়ী কিনি আনিলে এতিয়া বাগানত মোৰ সন্মান কমি যাব আৰু চেনিৰামৰ বাঢ়ি যাব কি কৰা যায় মোৰ ওচৰত ইমান টকাও নাই তাতকৈ দামী গাড়ী কিনিবলৈ কি কৰা
যায় "
গিৰিয়েকক এনেদৰে ব্যথিত দেখি ঘৈণীয়েকে ক’লে
" হেৰী ব্যথিত নহব চেনিৰাম ভাই গাড়ী আনিলে আনক আপোনাৰে তো গৰ্ব বাঢ়িব যে চোৱা মণিৰামৰ ভায়েক গাড়ীত গৈছে "
ঘৈণীয়েকৰ এই কথা মণিৰামৰ কলিজাত লাগিলত হঠাৎ থমকি ৰয় ঘৈণীয়েকলৈ খঙেৰে চাই ক’লে
" তই মোৰ কেচা ঘাত নিমখ দিবলৈ চেষ্টা নকৰিবি এইবোৰ সকলো তোৰ কাৰণে হৈছে "
ঘৈণীয়েকে আচৰিত হৈ সুধিলে
" মোৰ কাৰণে এয়া আপুনি কি কৈছে , কি মই কৈছিলো চেনিৰামক গাড়ী কিনিবলৈ অলপ ভাৱি চিন্তি কথা কব "
মণিৰামৰ আৰু বেছি খং উঠিল সি দাঁত চোবাই ক’লে
" তই যদি দৰমহা আৰু বোনাচৰ টকাখিনি অযথা খৰচ নকৰি সাঁচি থলিহৈ তেতিয়া এই দিন নেদেখিলোহেঁতেন "
এইবাৰ ঘৈণীয়েকৰো মূৰত খং উঠিল ক’লে
" হয় নে মই কি অযথা খৰচ কৰোঁ হিচাপ দিয়কচোন "
গিৰিয়েকে ক’লে
"অ হিচাপ লাগে তেন্তে শুনা প্ৰতিবছৰে দুৰ্গাপূজা সময়ত যে পাঁচ দিন পাঁচখন শাৰী, সোণৰ গহণা দশমী দিনা দামী দামী বস্তু, মিঠাইসোপা, ল’ৰাটোৰ বাবে বেহিচাপ খৰচ আকৌ দিৱালী দিনাখনৰ অতিৰিক্ত খৰচ তই কেতিয়াবা হিচাপ কৰি চাইচনে নাই চোৱা ক’ত চাবি তঁহতৰ প্ৰতি মোৰ কৰ্তব্য আছে কিন্তু তঁহতৰ মোৰ মান সন্মানৰ প্ৰতি কোনো চিন্তা নাই "
ঘৈণীয়েকে দুধাৰি চকুলো টুকি ক’লে
" হয় সকলো দোষ মোৰে ময়ে সকলো খৰচ কৰোঁ আপুনি তো নকৰেই "
ইমান সময় ধৰি বাপেক মাকৰ খৰিয়াল মনেমনে চাই থকা পিতেকে এইবাৰ মাত লগাই
" দেউতা মোৰ মাক আপুনি কন্দোবাই ভুল কৰিছে ইয়াৰ পৰিণাম কিন্তু বিষম হব আৰু আপুনি যে সকলো দোষ মাক দিছে কি আপুনি অযথা খৰচ নকৰে নেকি ? শুনক মই আপোনাৰ খৰচৰ হিচাপ দিছোঁ আপুনি যে পূজা উৎসৱত লগৰবোৰৰ লগত মদ মাংসৰ সৈতে জোৰদাৰ পাৰ্টি কৰে আৰু দিৱালী দিনাখন জোৱাত অতসোপা টকা নষ্ট কৰে সেইখিনি কেতিয়াবা হিচাপ কৰি চাইছে নে নাই চোৱা ক’ত চাব , দেউতা আনক দোষ দিয়াটো সহজ কিন্তু নিজৰ দোষ খুচৰি চোৱাটো বৰ কঠিন "
মণিৰাম পিতেকৰ যুক্তিপূৰ্ণ কথা শুনি নিজৰ ভুল বুজি ক’লে
" সোণ তই মোৰ চকু খুলি দিলা সঁচাকৈ তই বৰ জ্ঞানী হৈছ , বাৰু এতিয়া মোক এটা কথা কচোন সেই চেনিৰামক কেনেকৈ তল পেলাব পাৰি "
পিতেকে ক’লে
" দেউতা ইয়াৰ সঠিক সমাধান মোৰ ওচৰত আছে "
পিতেকৰ কথা শুনি জিজ্ঞাসু মনেৰে মণিৰামে ক’লে
" অ হয়নেকি তেনেহলে সোনকালে
কচোন "
পিতেকে ক’লে
" দেউতা শুনিছো বোলে নুমলীগড় পিঠালি পুখুৰীত গৈ তামোলপাণ এযোৰ এগছি চাকি জ্বলাই যি বিচাৰা যায় সেই মনোবাঞ্চা নিশ্চয় পূৰ্ণ হয় , কিয়নো আপুনি তালৈকে গৈ ধনৰ কামনা কৰে "
মণিৰাম পিতেকৰ কথাটো শুনি অতি আনন্দিত হৈ ক’লে
" সোণ যদি তোৰ কথা ফলিয়া তেনেহলে জানি লবি তোৰ পকেট খৰচ দুগুণ এতিয়া মই আহিছো "
এইবুলি কৈ মণিৰাম পিঠালি পুখুৰীলৈ গমণ কৰিলে ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ